![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিশ্ব মূকাভিনয় দিৱসত মহানগৰৰ ৰাজপথত এদল মূকাভিনয় শিল্পী ব্যতিক্ৰম প্ৰচেষ্টা ৷ ‘নিৰ্বাক’ৰ উদ্যোগত মূকাভিনয় শিল্পী মৃণাংক ডেকাৰ নেতৃত্বত মূকাভিনয় জৰিয়তে মহানগৰীখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে প্ৰচেষ্টা কৰে।
গুৱাহাটী ৰাজপথ তামোল, পাণ, গুটখা সেৱন কৰি একাংশ লোকে অপৰিষ্কাৰ কৰি তোলা কাৰ্যক বিষয়বস্তু হিচাপে লৈ সজাগতা মূলক মুকাভিনয় প্ৰদৰ্শন কৰে শিল্পী দলটোৱে। কিদৰে মহানগৰখন সুন্দৰ কৰি ৰাখিব লাগে তাৰ বাবে অভিনয়েৰে মহানগৰবাসীক জনালে আহ্বান।

শিল্পী দলটোৱে হাতত প্লে-কাৰ্ড লৈ ৰাজপথ পৰিষ্কাৰ কৰি ৰখা কথা সোৱৰাই দিলে পথচাৰীসকলক। মহানগৰী গুৱাহাটী ক্লাৱ, দীঘলীপুখুৰী পাৰ, কটন বিশ্ববিদ্যালয়কে ধৰি মহানগৰৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰে মূকাভিনয় ৷
উল্লেখ পূৰ্বেও পৰিৱেশ সুৰক্ষা লগতে বিভিন্ন সমস্যাক বিষয়বস্তু হিচাপে লৈ মূকাভিনয়ৰ জৰিয়তে ৰাইজক সজাগ কৰা চেষ্টা চলায় আহিছে ডেকাই।













