![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্য তৃতীয় পৰ্যায়ৰ বিধানসভাৰ নির্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনটোত প্ৰভাৱশালি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে নিজৰ মনোনয়ন-পত্ৰ। গুৱাহাটীৰ সোণাৰাম খেলপথাৰ পৰা হাজাৰ হাজাৰ সমৰ্থক লগত লৈ কামৰূপ(ম) জিলা উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰে পত্ৰ। মন্ত্ৰীগৰাকীৰ মনোনয়ন-পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে পত্নী ৰিণিকি ভূঞা শৰ্মাই। মনোনয়ন দাখিলৰ পূৰ্বে ডঃ শৰ্মাই দল গোবিন্দ মন্দিৰ আৰু কামাখ্যা দেৱালয়ত সেৱা জনাই।

উল্লেখ জ্যোতিষশাস্ত্ৰ বিধি অনুসৰি ২.৩০ বজাত দাখিল মনোনয়ন-পত্ৰ। মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী ডঃ শৰ্মাই কয়- বিজেপি চৰকাৰ হ’ব সেইয়া নিশ্চিত।
গুৱাহাটী উত্তৰ-গুৱাহাটী দলংৰ উপৰিও শুৱালকুচি-পলাশবাৰী মাজত আৰু এখন ব্ৰহ্মপুত্ৰত দলং নিৰ্মাণৰ সপোন আছে। অসম তথা সমগ্ৰ দেশৰ ভিতৰতে জালুকবাৰী সমষ্টি বিকশিত সমষ্টি কৰা সপোন থকা বুলি মন্ত্ৰীগৰাকীয়ে কয়।
উল্লেখ জালুকবাৰী সমষ্টিৰ পৰা এইবাৰ পঞ্চমবাৰ বাবে নিৰ্বাচনত অৱৰ্তীন হ’ব শৰ্মাই। বিজেপি প্ৰাৰ্থীগৰাকীয়ে এইবাৰ ১ লাখৰ অধিক ভোট জয়ী হ’ব বুলি কয়।













