![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিগত বৰ্ষসমূহৰ দৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে বুধবাৰে প্ৰদান কৰে শ্বহীদ মোজামিল হক সোঁৱৰণী বঁটা। গুৱাহাটীৰ প্ৰেছ ক্লাবত সংগঠনটোৱে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুক প্ৰদান কৰে ২০২০বৰ্ষ এই বঁটা।
ইয়াৰ উপৰিও গাম্ভীয্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানতে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানক বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকী সম্প্ৰীতি বঁটা আগবঢ়াই। সমাজ সংগঠন নুৰুল হকক এম ইব্ৰাহীম আলি বঁটা আগবঢ়াই সংগঠনটোৱে। বঁটাত আছে নগদ ধন, চেলেং, শৰাই, মানপত্ৰ।
জিকিৰ-জাৰিৰে শুভাৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে ডঃ ভুৱনেশ্বৰ ডেকাই।
উল্লেখ সংবাদ জগতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ সমাজ জীৱনৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ৰাজগুৰুক ২০২০বৰ্ষ এই বঁটা প্ৰদান কৰা বুলি জানিব দিয়ে সংগঠনটো উপ-সভাপতি আজিজুৰ ৰহমানে।
গাম্ভীয্য পূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে পৰিষদ সভাপতি মকবুল হুছেইন, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ নাথ প্ৰমুখ্যে বহুকেইজন গণমান্য ব্যক্তি।













