ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এন আৰ চিক লৈ নগাঁৱত ব্যাপক সতৰ্কতা

ASSAM TIMES POST by ASSAM TIMES POST
August 29, 2019
Reading Time: 1 min read
A A
0
এন আৰ চিক লৈ নগাঁৱত ব্যাপক সতৰ্কতা
  • যিকোনো অপশক্তিৰ বিৰুদ্ধে কঠোৰ হ’ব নগাঁও জিলা প্ৰশাসন- উপায়ুক্ত শইকীয়া
  • চ’ছিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছেঃ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

নগাঁওঃ এন আৰ চিৰ বহু প্ৰত্যাশীত চূড়ান্ত তালিকা প্ৰকাশলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলা প্ৰশাসনো সাজু হৈ উঠিছে। এই তালিকাখনক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত বিৰাজ কৰিছে চৰম উৎকন্ঠা। ইয়াৰ মাজতে এন আৰ চিক লৈ যাতে জিলাখনত কোনো আইন শৃংখলা জনিত পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ অংশ স্বৰূপে আজি জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ খগেন মহন্ত প্ৰক্ষাগৃহত এন আৰ চিৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়‌। জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে এন আৰ চিৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাই।

সভাত ভাষণ প্ৰদান কৰি নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে কয়, নগাঁও জিলাত ১৮৩ এন আৰ চি সেৱা কেন্দ্ৰত পুৰ্বৰে আৰক্ষীৰ লোক নিয়োজিত হৈ নিষ্ঠাৰে নিজৰ দায়িত্ব সম্পাদন কৰি আহিছে। খচৰা তালিকা তালিকা প্ৰকাশৰ সময়ত কোনো ধৰণৰ গোচৰ পঞ্জীয়ন হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয়, নিশ্চিত ভাবে অহা ৩১ আগষ্টৰ দিনা কোনো আইন শৃংখলা জনিত পৰিস্থিতিৰ উদ্ভৱ নহয়,মোৰ বিশ্বাস আছে।

চূড়ান্ত তালিকাত কাৰোবাৰ নাম নাথাকিলেও শংকিত হোৱাৰ কাৰণ নাই। কাৰণ নাম নাথাকিলেও কোনো কাৰণত সেইজন লোক বিদেশী নহয়। ৰাইজে কোনো উৰা বাতৰিক বিশ্বাস নকৰিবলৈ আৰক্ষী অধীক্ষক গৰাকীয়ে আহ্বান জনাই লগতে তেওঁ কয়যে, নগাঁও আৰক্ষী প্ৰশাসনে ছ’চিয়েল মিডিয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিছে।

নিজৰ ভাষণত জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়াই কয়, যদি কোনো অপশক্তিয়ে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰে, তেন্তে তেনে ব্যাক্তিক কঠোৰ হাতেৰে দমন কৰা হ’ব। উপায়ুক্ত গৰাকীয়ে এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত সকলোকে শান্তি-শৃংখলা বজাই ৰাখি জিলা প্ৰশাসনক সহযোগিতা কৰিবলৈ আহ্বান জনায়।

উক্ত সভাত বিশিষ্ট শিক্ষাবিদ তথা জেষ্ঠ নাগৰিক তথা বিশিষ্ট ক্ৰীড়া সংগঠক সহজানন্দ উজা, জ্যেষ্ঠ সাংবাদিক ড: আবু হানিফাৰ লগতে কেবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে ভাষণ দিয়ে। সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাত নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া পঞ্চমী চৌধুৰীয়ে কয় যে, অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম কৰা হৈছে।

ইপিনে, আজি পুৱাৰ ভাগত নগাঁও আৰক্ষী নিৱেশত আয়োজিত এক অনুষ্ঠানত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ জোৱানক এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত পালন কৰিব লগা দায়িত্ব সম্পৰ্কে অবগত কৰোৱা হয়। আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে জনোৱা মতে, ১৮৩টা এন আৰ চি সেৱা কেন্দ্ৰত এজনকৈ মুঠ ১৮৩ জন আৰক্ষী জোৱানক নিয়োজিত কৰা হৈছে।

এন আৰ চিৰ প্ৰকাশৰ ক্ষেত্ৰত হ’ব পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে জিলাখনত ১০ টা নিৰাপত্তা বাহিনীৰ কোম্পানী নিয়োজিত কৰা হৈছে। ইয়াৰে ৭ টা বিএছ এফৰ, ২ টা এছ,এছ, বিৰ, ২টা আৰু ১ টা আই টি বি পিৰ কোম্পানী আছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
50
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত
National-International

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx