ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে লাভ কৰিলে আন এক বৃহৎ সফলতা ৷ কাৰবি আংলং জিলাৰ মাঞ্জা থানা অন্তৰ্গত হোজাই নালাৰ এছবি আই শাখাৰ ওচৰত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ ব্ৰাউন ছুগাৰ খিনি ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা নিশা ১০ মান বজাত ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত এখন বগা ৰঙৰ ইক’স্পৰ্টচ গাড়ীক ৰবলৈ নিৰ্দেশ দিয়ে আৰক্ষীয়ে ৷
কিন্তু গাড়ীখন নৰখাই চালকে তীব্ৰবেগে গাড়ীখনলৈ মাঞ্জা পিনে গতি কৰে ৷ ডিলাই আৰক্ষীয়ে নিশা মাঞ্জা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰি ডিলাই আৰক্ষীয়ে গাড়ীখনৰ পিছে পিছে চোঁচা লোৱাৰ সমান্তৰালকৈ বিপৰীত দিশৰ পৰা মাঞ্জা আৰক্ষীয়ে গাড়ীখনক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে ৷
ইপিনে গাড়ীৰ চালকৰ লগতে মুঠ তিনিজন যুৱকে গাড়ীখন মাঞ্জা ওচৰৰ হোজাইনালাত গাড়ীখন পৰিত্যক্ত অৱস্থাত থৈ এন্ধাৰৰ সুযোগলৈ পলায়ণ কৰে ৷ আজি পুৱা জিলা উপ আৰক্ষী অধীক্ষক আৰক্ষী নাহিদ কৰিশ্মাৰ নেতৃত্বত মাঞ্জা থানা আৰু ডিলাই থানাৰ অ’চি ক্ৰমে, জিতুমনি ডেকা আৰু বিতুপণ চুতীয়া লগতে কামাণ্ডু জোৱান আৰু সংগীয় ষ্টাফ সহ ঘটনাস্থলীত উপস্থিত হয় ৷
অভিযানকাৰী দলটোৱে গাড়ীখনৰ পৰা ৪০ টা চাবোনৰ পেকেটত সন্দেহযুক্ত ব্ৰাউন ছুগাৰ /হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সন্দেহযুক্ত ড্ৰাগছ খিনিৰ ওজন ৪৯২ গ্ৰাম আৰু ইয়াৰ বজাৰমূল্য ৬০ৰ পৰা ৭০ লাখ টকা হব পাৰে বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে ড্ৰাগছ খিনি মণিপুৰৰ পৰা অসমৰ উদ্দেশ্য অনা হৈছিল ৷
কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ নিৰ্দেশমৰ্মে কাৰবি আংলঙত অসামাজিক কাৰ্যকলাপ আৰু ড্ৰাগছৰ বিৰুদ্ধে অভি়যান চলাই কেইবাটাও গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে ৷ জিলা আৰক্ষীৰ এনে প্ৰচেষ্টাক সচেতন ৰাইজে উচ্চ প্ৰশংসা কৰিছে ৷