ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নির্বাচনৰ প্রাকমুহুর্তত অসম চৰকাৰৰ শিক্ষা বিভাগে জিলাখনৰ একাংশ শিক্ষানষ্ঠান প্রাদেশীকিকৰণৰ ব্যৱস্থা কৰে যদিও শিক্ষা আইনৰ বিভিন্ন পাকত পৰি অধিকাংশ শিক্ষকেই এনে প্রক্রিয়াৰ পৰা বঞ্চিত হোৱাৰ লগতে ভালে সংখ্যক শিক্ষক টিউটৰ হিচাপে নিযুক্ত হ’বলগীয়া হোৱাৰ প্রসংগই শিক্ষক সমাজত তুমুল প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ সময়তে কার্বি আংলং জিলাত বসবাস কৰি থকা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ প্রাদেশীকিকৰণ কৰাৰ দাবীত সৰৱ হৈ পৰিছে জিলাখনত বিভিন্ন প্রান্তত থকা উচ্চতব মাধ্যমিক বিদ্যালয়ত কর্মৰত শিক্ষক-কর্মচাৰীসকল। ডিফুৰ জিলা প্রেছ ক্লাৱত আজি এই উদ্দেশ্যেৰে জিলাখনৰ কার্বি আংলং চৰকাৰী সাহায্য প্রাপ্ত উচ্চতৰ মাধ্যমিক, ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষক আৰু কর্মচাৰী সংস্থাই এক সংবাদমেলৰ আয়োজন কৰে। সন্থাৰ সভাপতি সম্পাদক ক্রমে কণমনি টেৰণ আক অঞ্জয় ইংতিয়ে সংবাদমেল সম্বোধন কৰি কয় যে শিক্ষাৰ ক্ষেত্রত অতিকে পিছপৰা কার্বি আংলং জিলাত স্থানীয় ৰাইজৰ দাবী অনুসৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ স্থাপন কৰা হৈছিল অনুমতি, স্বীকৃতি লাভত পলম হোৱাৰ বাবেই এনে বিদ্যালয়সমূহ ‘বিদ্যালয় প্রাদেশীকিকৰণ আইন-২০১৭ৰ আওতাৰ পৰা বাহিৰত থাকিল। কমেও ২৫-৩০ কিঃ মিঃ দূৰত্বত থকা বিদ্যালয়সমূহত ছাত্র-ছাত্রীৰ সংখ্যা যথেষ্ট হোৱাৰ লগতে পিছপৰা এলেকাৰ ছাত্র-ছাত্রীসকলৰ বাবে উচ্চশিক্ষা গ্রহণৰ ক্ষেত্রতো এনে শিক্ষানুষ্ঠানসমূহে প্রভুত বৰঙণি যোগাই আহিছে।
সেয়েহে, জিলাখনৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রয়োজনৰ ভিত্তিত এইসমূহ বিদ্যালয় প্রদেশীকিকৰণৰ বাবে সন্থাই দাবী জনায়। অলপতে ৰাজ্যৰ বিদ্যালয়সমূহ প্রাদেশীকিকৰণ হোৱাৰ সময়ত কার্বি আংলং জিলাৰ মাত্র এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়হে প্রাদেশীকৃত হোৱা বুলি মন্তব্য কৰি সন্থাৰ নেতৃবগই যষ্ঠ অনুসূচীভুক্ত এলেকা হিচাপে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে বিশেষ ক্ষমতা প্রয়োগ কৰি কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক আৰু চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়সমূহ প্রাদেশীকিকবণব দাবী জনায়। বি টি আৰ চুক্তিৰ ৬.৩ অনুচ্ছেদ অনুসৰি বি টি আৰ এলেকাৰ বিদ্যালয়সমূহ প্রাদেশীকিকৰণৰ ব্যবস্থা লোৱা বুলি মন্তব্য কৰি একে নীতিৰ অধীনত ষষ্ঠ অনুসূচীৰ্ভুক্ত জিলাসমূহতো বিদ্যালয়সমূহ প্রাদেশীকৃত কৰাৰ বাবে সন্থাই দাবী জনাইছে।
লগতে, বিদ্যালয় প্রাদেশীকিকৰণ হোৱাৰ পূর্বেই অৱসৰ লোৱা শিক্ষকসকলক কমেও দহ লাখ টকাৰ একালীনি সাহায্য প্রদান কৰাৰ বাবে সন্থাই চৰকাৰক আহ্বান জনায়। কার্বি আংলঙৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা নামমাত্র পাৰিতোষিক লাভ কৰে যদিও সম্প্রতি সর্বত্রে হোৱা ভয়াবহ মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিতত এই পাৰিতোষিকৰ পৰিমাণ বৃদ্ধি কৰি জিলাখনৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কর্মৰত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষক ২৭,০০০, হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষকক ২৫০০০/, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষকক ২৫০০০/-, কাৰ্যালয় সহায়কৰ ১৫০০০/- আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ১০,০০০/- টকা কৰাৰ বাবে সংবাদমেল যোগে অনুৰোধ জনায় ৷