অজন্তা তালুকদাৰ
বোকাখাত : যোৱা ২৪ জানুৱাৰীত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হৈ যোৱা সূৰ্য বৰা সোঁৱৰণি ৰাজ্যিক একাংক নাট প্ৰতিযোগিতাত বোকাখাতৰ সাৰথি নাট্যগোষ্ঠীৰ নিবেদনত নাট্যকাৰ অমৰ শৰ্মাৰ ‘দ্যা ট্ৰপিজিয়ম’ নাটখনে মুঠ চাৰিটাকৈ পুৰস্কাৰ লাভ কৰে। পৰিচালক ৰোণাল্ড হুছেইনে তৃতীয় শ্ৰেষ্ঠ পৰিচালক, তৰুণ তীৰ্থ শইকীয়াই শ্ৰেষ্ঠ কৌতুক অভিনেতা, অভিনেতাদ্বয় ক্ৰমে ৰিতুপন চৌধুৰী আৰু ৰাজদ্বীপ দত্তই বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰে।
বিশিষ্ট নাট পৰিচালক ৰোণাল্ড হুছেইনৰ পৰিচালনাৰ ‘দ্যা ট্ৰেপিজিয়ম’ৰ অভিনয়ত আছে ক্ৰমে ৰিতুপন চৌধুৰী, অজন্তা তালুকদাৰ, তৰুণ তীৰ্থ শইকীয়া, নীলিম ফুকন, পংকজ প্ৰতীম বৰুৱা আৰু শিশু শিল্পী ৰাজদ্বীপ দত্ত। সংগীত ৰূপম শইকীয়াৰ আৰু সামগ্ৰিক পৰিকল্পনা ৰিপুঞ্জয় দত্তৰ।
উল্লেখ্য যে বিগত কেইবাটিও বছৰ সাৰথি নাট্যগোষ্ঠীৰ নিবেদনত নাট্যকাৰ অমৰ শৰ্মাৰ ‘মায়ংজকা’, ‘দ্যা আল্টিমেট ব্যুমেৰাং’, ‘পেণ্ডুলাম’ আদিৰ দৰে বহু চৰ্চিত নাটকে ৰাজ্যৰ বহু স্থানত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেইবাটাও শিতানত শ্ৰেষ্ঠত্ব প্ৰমাণ কৰাৰ লগতে যোৱা ৬ জানুৱাৰী ২০১৯-ত গুৱাহাটীত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সৌজন্যত আৰু মাহেকীয়া আলোচনী ‘আইনা জীৱনৰ’ৰ উদ্যোগত সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা ‘ৰংগমঞ্চ নাট্য উৎসৱ’ৰ চূড়ান্ত প্ৰতিযোগিতাত সাৰথিৰ নিবেদনত ‘দ্যা আল্টিমেট ব্যুমেৰাং’ নাটখনে চতুৰ্থ শ্ৰেষ্ঠ নাটক, ৰাজদ্বীপ দত্তই শ্ৰেষ্ঠ শিশু শিল্পী, ৰূপমজ্যোতি কলিতাই শ্ৰেষ্ঠ সংগীতৰ পুৰস্কাৰ লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
আনহাতে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত একে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বোকাখাত নাট্যমন্দিৰৰ নিবেদনত ৰাতুল ফুকনৰ ৰচনা আৰু পৰিচালনাৰ ‘যাদুকৰ’ নাটখনত অভিনয় কৰি ‘মিচ ৱৰ্লড কিডচ্ ২০১৯’ খ্যাত কনমানি নিকিতা বৰাই শ্ৰেষ্ঠ শিশু শিল্পীৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। দুই নাটৰ সাফল্যত উৎফুল্লিত হৈ উঠিছে বোকাখাতৰ সংস্কৃতিপ্ৰেমী ৰাইজ।