পশ্চিমবঙ্গৰ পৰা নিৰ্বাচনী যুঁজত নামিছে প্ৰাক্তন ক্ৰিকেটাৰ ইউচুফ পাঠান (Yusuf Pathan)। ইতিমধ্যে তেওঁ বাহাৰমপুৰৰ টিএমচি কৰ্মীসকলৰ বাবে ‘ভাইজান’ হৈ পৰিছে। আনহাতে, ইউচুফ পাঠানৰ ভাতৃ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ইৰফান পাঠানে বাহাৰমপুৰৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ইউছুফ পাঠানৰ হৈ প্ৰচাৰ চলাবলৈ আহি আছে।
বৃহস্পতিবাৰে ইৰফানে এদিনৰ বাবে প্ৰচাৰ চলাব। সেইদিনা ইৰফানে ৰেজিনগৰ, বেলডাঙ্গাকে ধৰি বাহাৰমপুৰ লোকসভা সমষ্টিৰ বিভিন্ন এলেকাত ৰোড শ্ব’ অনুষ্ঠিত কৰিব। ইউছুফো তাত থাকিব। বাহাৰমপুৰত ১৩ মে’ত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়ে প্ৰচাৰৰ অন্তিমদিনা ১১ তাৰিখে টিএমচিয়ে এটা ৰোড শ্ব’ত দুই পাঠানৰ সৈতে প্ৰচাৰৰ ধুমুহা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।
ইফালে টিএমচিৰ মুৰব্বী অভিষেক বেনাৰ্জীয়ে বুধবাৰে ইৰফানৰ সমৰ্থনত বাহাৰমপুৰত প্ৰচাৰ চলাব। ইৰফান তাৰ পিছদিনা আহি আছে। ইৰফান এসময়ত ভাৰতীয় ক্ৰিকেটত জনপ্ৰিয় আছিল। তৃণমূলেও এতিয়া ভাইজানৰ প্ৰচাৰত এই জনপ্ৰিয়তা ব্যৱহাৰ কৰিব বিচাৰে।