আবকাৰী কেলেংকাৰীৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) বিৰুদ্ধে সন্ত্ৰাসবাদীৰ সৈতে পোনপটীয়া সম্পৰ্কৰ অভিযোগ উত্থাপিত হৈছে। দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাই সোমবাৰে কেজৰিৱালৰ বিৰুদ্ধে খালিস্তানপন্থী সংগঠন শিখছ ফৰ জাষ্টিছৰ (এছএফজে) পৰা পুঁজি লাভ কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এন আই এ) তদন্তৰ পৰামৰ্শ দিছে বুলি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰে।
‘বৃহত্তৰ পঞ্জাৱ’ৰ সৈতে খালিস্তানৰ এখন স্বাধীন আৰু সাৰ্বভৌম ৰাজ্য গঠনৰ দাবীত সক্ৰিয় হৈ থকা এছএফজে বিগত কেইবছৰমান ধৰি ভাৰতৰ বিৰুদ্ধে বিভিন্ন বিধ্বংসী কাৰ্যকলাপত জড়িত হৈ আছে। সংগঠনটোৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুনে শেহতীয়াকৈ দাবী কৰিছিল যে ১৯৯০ ৰ দশকত গ্ৰেপ্তাৰ হোৱা এজন খলিস্তানী সন্ত্ৰাসবাদী নেতাক দিল্লীৰ কাৰাগাৰৰ পৰা মুকলি কৰাৰ চৰ্তত ২০১৪ চনৰ পৰা ২০২২ চনলৈ আপ নেতৃত্বই প্ৰায় ১৬ নিযুত ডলাৰ (প্ৰায় ১৩৩ কোটি টকা) লাভ কৰিছিল।
পান্নুনৰ এই বক্তব্যৰ পিছতে বিজেপি আৰু ইয়াৰ সহযোগীসকলে কেজৰিৱালৰ বিৰুদ্ধে নিয়াৰ তদন্তৰ দাবী জনায়। উল্লেখযোগ্য যে দিল্লীৰ আবকাৰী কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালক সন্মুখত ৰাখি দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছে। ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই বিশ্বাস কৰে যে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰৰ পদক্ষেপে আপ নেতৃত্বক অস্বস্তিত পেলাইছে।
উল্লেখযোগ্য যে মাৰ্চ মাহত পান্নুনে এটা ভিডিঅ’ বাৰ্তাত দাবী কৰে যে তেওঁলোকে আঠ বছৰত কেজৰিৱালক ১০০ কোটি টকাৰো অধিক দান কৰিছে। পান্নুনে দাবী কৰে যে তাৰ বিনিময়ত দিল্লী চৰকাৰে ১৯৯৩ চনৰ দিল্লী বিস্ফোৰণ গোচৰৰ অন্যতম অভিযুক্ত দেৱেন্দ্ৰ পাল সিং ভুল্লাৰক মুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। লগতে এছএফজে নেতৃত্বই দাবী কৰে যে এছএফজেয়ে ২০২২ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আপক বৃহৎ পুঁজি দিছিল। অৱশ্যে আপ নেতৃত্বই কয় যে পান্নুনে মিছা কৈছে। আপে দেশবিৰোধী কাৰ্যকলাপ নকৰে।
উল্লেখযোগ্য যে ১০ জুলাই, ২০১৯ তাৰিখে নৰেন্দ্ৰ মোডী চৰকাৰে এছএফজেক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰিছিল। কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে সংগঠনটো ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ বাবে এটা “ডাঙৰ সমস্যা”।
পান্নুনক ২০২০ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সন্ত্ৰাসবাদী ঘোষণা কৰে। ইণ্টাৰপোলকো ‘ৰেড নোটিচ’ জাৰি কৰিবলৈ অনুৰোধ কৰা হয়। ইয়াৰ পিছতো কানাডাত অৱস্থিত পান্নুনৰ সংগঠনে ভাৰত বিৰোধী বিচ্ছিন্নতাবাদী প্ৰচাৰ চলাই আহিছে বুলি নিয়াই কয়।