ৰাজ্যত তিনিটা পৰ্য্যায়ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ (Loksabha Election) আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে চাৰিটা সমষ্টিত। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত মুঠ ৪৭ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৩৫ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।
আনহাতে, তৃতীয়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি ইভিএমত বন্দী কৰিব ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী ভোটাৰে।
চাৰিটা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল হৈছে –
গুৱাহাটী লোকসভা সমষ্টি :
১. বিজুলী কলিতা মেধি, বিজেপি
২. মীৰা বৰঠাকুৰ গোস্বামী, কংগ্ৰেছ
৩. চামাদ চৌধুৰী, ভাৰতীয় গণ পৰিষদ
৪. চেজন গয়াৰী, বহুজন মহাপাৰ্টী
৫. অমিতাভ শৰ্মা, একম সনাতন ভাৰত
৬. দীপক কুমাৰ বড়ো, ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল
৭. কাজি নেকিব আহমেদ, নিৰ্দলীয়
৮. কৰ্ণেল গোকুল চন্দ্ৰ সিংহ, নিৰ্দলীয়
কোকৰাঝাৰ :
১. খাম্ফা বৰগয়াৰী, বিপিএফ
২. জয়ন্ত বসুমতাৰী, ইউপিপিএল (বিজেপি মিত্ৰজোঁট)
৩. গৰ্জন মুছাহাৰী, কংগ্ৰেছ
৪. বিনীতা ডেকা, গণ সুৰক্ষা পাৰ্টী
৫. জ্যোতিষ (জোন) দাস : অবড়ো সুৰক্ষা সমিতি সমর্থিত নির্দলীয় প্রার্থী
৬. গৌৰী শংকৰ শৰণীয়া, তৃণমূল কংগ্ৰেছ
৭. ললিত পেগু, ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেল
৮. অজয় নাৰ্জাৰী, নিৰ্দলীয়
9. নিৰ্দলীয় প্ৰাৰ্থী তৃপ্তিনা ৰাভা
১০. পংকজ ইছলাৰী, নিৰ্দলীয়
১১. পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ, নিৰ্দলীয়
১২. ৰঞ্জন কুমাৰ ব্ৰক্ষ্ম, নিৰ্দলীয়
ধুবুৰী :
১. জাবেদ ইছলাম, অগপ
২. ৰকিবুল হুছেইন, কংগ্ৰেছ
৩. বদৰুদ্দিন আজমল, এআইইউডিএফ
৪. এছ এম জিয়াউল হক, ভাৰতীয় গণ পৰিষদ
৫. সুৰত জামান মণ্ডল, ছ’চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)
৬. তহিদ্দুৰ ৰহমান, ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেল
৭. ৰাধাৰাণী বিশ্বাস, হিন্দু সমাজ পাৰ্টী
৮. ৰেজাউল কৰিম, ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়া (আথৱাল)
৯. শুকুৰ আলী, অসম জন মৰ্চা
১০. হাফিজ বুঢ়ানউদ্দিন, দা নেচনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়া
১১. অলকেশ ৰয়, নিৰ্দলীয়
১২. ফাৰুক খান, নির্দলীয়
১৩. বিশ্বজিৎ ৰায়, নিৰ্দলীয়
বৰপেটা :
১. ফণীভূষণ চৌধুৰী, অগপ
২. দীপ বায়ন, কংগ্ৰেছ
৩. মনোৰঞ্জন তালুকদাৰ, চিপিআইএম
৪. চমেজ উদ্দিন, বিপিএফ
৫. আবুবক্কৰ ছিদ্দিকি, ৰাষ্ট্ৰীয় উলামা কাউন্সিল
৬. আবুল কালাম আজাদ, তৃণমূল কংগ্ৰেছ
৭. আমজাদ আলী, ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ (আথৱাল)
৮. চিত্রলেখা দাস, ছ’চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)
৯. ছাহজাহান আলী খান, ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেল
১০. এ হক, নিৰ্দলীয়
১১. দুলু আহমেদ, নিৰ্দলীয়
১২. জগন্নাথ ৰায়, নিৰ্দলীয়
১৩. দেৱান মহিবুল ইছলাম, নিৰ্দলীয়
১৪. মতিয়ৰ ৰহমান, নিৰ্দলীয়