নিউজ ডেক্স:
কৰ’নাৰ ভাইৰাছ সংক্ৰমণৰ বাবে এইবাৰ আইপিএল অনুষ্ঠিত হৈছিল সংযুক্ত আৰৱ আমিৰশ্বাহিত৷ আইপিএল অনুষ্ঠিত কৰাৰ বাবে বিচিচিআই-এ সংযুক্ত আৰৱ আমিৰশ্বাহিৰ ক্ৰিকেট ব’ৰ্ডক ১৪ মিলিয়ন ডলাৰ দিয়ে৷ ভাৰতীয় অংকত এই টকাৰ পৰিমাণ প্ৰায় ১০০ কোটি টকা৷ এই কথা দাবী কৰিছে এক সংবাদ মাধ্যমে৷
স্মৰ্তব্য যে কৰ’নাৰ বাবে পিছুৱাই থকা হৈছিল আইপিএল৷ তাৰ বাবে চলিত বৰ্ষত আইপিএল আয়োজন কৰাত সমস্যাৰ সৃষ্টি হৈছিল৷ উল্লেখ্য যে প্ৰথমে ১৪ এপ্রিল পর্যন্ত আইপিএল পিছুৱাই দিয়া হৈছিল৷ পাছত পৰিস্থিতি সলনি নোহোৱাত অনির্দিষ্টকালৰ বাবে প্ৰতিযোগিতা স্থগিত ৰখা হৈছিল৷
অৱশেষত প্ৰতিযোগিতা আয়োজন নকৰিলে ৪ হাজাৰ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে ব’ৰ্ড৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মাটিত আইপিএল আয়োজন কৰাৰ সম্ভৱ নহয় বুলিয়ে বিকল্পৰ সন্ধান কৰে৷ তাৰ বাবে প্রথম প্রস্তাৱ আহে সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা৷ আনহাতে শ্ৰীলংকাৰ পৰাও প্ৰস্তাৱ আহিছিল৷
অৱশেষত ভাৰতে এমিৰেটাছ ক্ৰিকেট ব’ৰ্ডৰ প্ৰস্তাৱক গ্ৰহণ কৰে৷ এই প্ৰতিযোগিতা সফলভাৱে সম্পন্ন হয়৷ কিন্তু শ্বাৰজাহ, আবুধাবি আৰু ডুবাইৰ ষ্টেডিয়ামত দৰ্শক আছিল শূন্য৷ জানিব পৰা মতে অহা বছৰো সংযুক্ত আৰৱ আমিৰশ্বাহিত আইপিএল অনুষ্ঠিত হোৱাৰ আশা আছে৷ অৱশ্যে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ভাৰতৰ মাটিত প্ৰতিযোগিতাখন হোৱাটো বিচাৰে৷