ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে প্ৰথমটো বিক্ষোভ কাৰ্যসূচী দেওবাৰে দীঘলীপুখুৰী পাৰত সাব্যস্ত কৰে।নিবনুৱাক প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰায় এঘণ্টা সাব্যস্ত কৰে যুৱ বিক্ষোভ কাৰ্যসূচী।
নিবনুৱা বিৰোধী চৰকাৰ ডাউন ডাউন, নিবনুৱা বিৰোধী চৰকাৰ শুচিয়াৰ, বিজেপি চৰকাৰ হায় হায়, চাকৰি নামত কেলেংকাৰী বন্ধ কৰক, অসম চৰকাৰ হুচিযাৰ ধ্বনিত উত্তাল কৰি তোলে বিক্ষোভ স্থলী।
যুৱ বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী।সোণোৱাল চৰকাৰে নিযুক্তি পৰীক্ষাৰ অনুষ্ঠিত কৰে কিন্তু ৰিজাল্ট নিদিয়ে আকৌ কেতিয়াবা ৰিজাল্ট দিয়ে কিন্তু নিযুক্তি দিব নোৱাৰে, এইয়া কি চৰকাৰ বুলি ক্ষোভ প্ৰকাশ কৰি বসুমতাৰীয়ে কয়- অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিদেশী ন্যাধিকৰণত ১৬০০জন যুৱক-যুৱতীক চাকৰি দিয়া প্ৰতিশ্ৰুতি দিলে।পৰীক্ষা অনুষ্ঠিত কৰিলে ৰিজাল্ট দিলে।ৰিজাল্টত পাছত যুৱক-যুৱতী সকলক নিয়োগ কৰিব নোৱাৰিলে ।গতিকে এইখন চৰকাৰ গাদীত থকা কোনো অধিকাৰ নাই”।
“অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষা অনুষ্ঠিত কৰিলে।পৰীক্ষা অনুষ্ঠিত কৰাত দেখা গল নিজৰ আত্মীয়ক, বিজেপি লগত থকা সাংগো-পাংগু পালি নেতা, আৰ এছএছক চাকৰি দিবলৈ অভিসন্ধি ৰচনা কৰিলে।সেই অভিসন্ধি ৰচনা হল হেঙেৰাবাৰী পৰা।গতিকে দিছপুৰৰ পৰা নহয় হেঙেৰাবাৰী পৰাহে চাকৰি দিয়ে এই চৰকাৰে”- বসুমতাৰীয়ে লগতে কয়।
চাকৰি নামত চৰকাৰখনে কেৱল কেলেংকাৰীয়ে কৰা নাই।চাকৰি দিয়া নামত চৰকাৰখন ছিণ্ডিকেট আৰম্ভ কৰিছে বুলি লগতে তেওঁ কয়।
এছ আই কেলেংকাৰী ৰৌ-বৰালি এৰি দিছে।যিসকল বিধায়ক- মন্ত্ৰী নাম ওলাইছে তেওঁলোকক তদন্তৰ আওতালৈ অনা নহল।গৃহবিভাগৰ চুড়ান্ত ব্যৰ্থতা SI কেলেংকাৰী।তাৰ পাছত নিয়মমাফিক তদন্ত কৰিয়ে গাপ দিলে সমগ্ৰ ঘটনা।চৰকাৰৰ সাহস নাই দোষীক কঠোৰ শাস্তি দিবলৈ- আহ্বায়ক গৰাকীয়ে কয়।
মুখ্যমন্ত্ৰী সাহস আছে যদি তদন্ত দায়িত্ব চি বি আইক অৰ্পণ কৰক বুলি প্ৰত্যাহ্বান জনাই।উল্লেখ দিনৰ ১১ বজা পৰা আৰম্ভ হোৱা বিক্ষোভ কাৰ্যসূচীত জাতীয় যুৱ শক্তি বিষয়ববীয়া সকলো উপস্থিত আছিল।












