ষ্টাফ ৰিপ’ৰ্টাৰ:
শনিবাৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্বৰ উপস্থিতিত শুভাৰম্ভ কৰা হয় চৰকাৰৰ “অভিনন্দন” আঁচনি। অনুষ্ঠানত প্ৰায় ১৫ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় আঁচনিৰ অনুমোদন পত্ৰ।
উল্লেখ্য যে, চলিত বৰ্ষত সকলো উচ্চ শিক্ষাৰ নামভৰ্তি বিনামূলীয়া কৰাৰ সমান্তৰালকৈ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ একাউন্টত চৰকাৰে জমা কৰিব ২ হাজাৰকৈ টকা। আনহাতে, ছাত্ৰ/ছাত্ৰীবাসত থকা শিক্ষাৰ্থীক চৰকাৰে প্ৰদান কৰিব ১ হাজাৰকৈ টকা।
য’ত আনন্দৰাম বৰুৱা লেপটপৰ সলনি প্ৰদান কৰা হ’ব ২০ হাজাৰ টকা তাতেই আকৌ উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ২২ হেজাৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব স্কুটি। সেইদৰে শিক্ষামূলক ঋণ লোৱা ৪৫০৭ গৰাকী শিক্ষাৰ্থীৰ লোন ৰেহাই দিব চৰকাৰে। সৰ্বাধিক ৫০ হাজাৰ টকা পৰ্যন্ত ৰেহাই পাব লোন লোৱা শিক্ষাৰ্থীয়ে। ইয়াৰ বাবদ ২২ কোটি টকা ব্যয় হ’ব ৰাজ্য চৰকাৰৰ।












