ষ্টাফ ৰিপ’ৰ্টাৰ:
এমাহ পূৰ্বে নগাওঁ জিলাৰ চামগুৰি কঠালগুৰি নীলাপানী হ্ৰদত গুৱাহাটীৰ এজন যুৱকে মৃত্যুক সাৱটি লোৱাৰ কথাই চাঞ্চল্যৰ সৃষ্টি কৰা পিছতেই আজি পুনৰ আকৌ এবাৰ নগাওঁ টাউন ইটাচালীৰ ভাৰতীয় জীৱন বীমা নিগমৰ সমীপৰ মনি দূৰ্গা এপাৰ্টমেন্টৰ আৱাসী অংশুমান হাজৰিকাৰ পুত্ৰ আয়ানভ হাজৰিকা নামে যুৱকজন হ্ৰদলৈ ফুৰিবলৈ অহা অৱস্থাত সন্ধানহীন হৈছে।
জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে পৰিচিত নীলাপানী হ্ৰদত বন্ধুৰ সৈতে সাঁতুৰি থকা অৱস্থাত হ্ৰদটোত চাৰি মান বজাত সন্ধানহীন হৈ পৰে যুৱকজন। ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ অভিযান চলাই যদিও আন্ধাৰ হোৱাৰ ফলত অহা কাইলৈ এছ ডি আৰ এফ বাহিনীয়ে পুনৰ উদ্ধাৰ অভিযান চলাব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
এই সমগ্ৰ ঘটনাই বৰ্তমান অঞ্চলটোতেই বহুল চৰ্চাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰি পেলাইছে। উল্লেখ্য যে উক্ত নীলাপানী হ্ৰদটো বৰ্তমানলৈকে বহুকেইজন যুৱকে কৰুণ ভাৱে মৃত্যুক সাৱটি ল’ব লগা হৈছে যদিও জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় লোকে অভিযোগ কৰিছে












