ডিফু : বিগত কিছুদিন ধৰি কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত সন্ত্ৰাস চলাই অহাৰ পিছত আজি বোকাজান আৰক্ষীয়ে চুৰি চক্ৰটোৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা ।
বোকাজান আৰক্ষী থানাৰ মহিলা উপ-পৰিদৰ্শক থাডৈই সিনহাই ২৮ অক্টোবৰৰ দিনভাগত ৰাষ্ট্ৰীয় ঘাইপথত তহল দি থকাৰ অৱস্থাত বকলীয়াঘাটৰ পৰা চুৰি হোৱা এখন আপাচে মটৰচাইকেলসহ মহম্মদ ইছলামুদ্দিন নামৰ এটা চোৰক আটক কৰিবলৈ সক্ষম হৈছিল।
আনহাতে চোৰটোৰ আন এটা সহযোগী মটৰচাইকেলসহ পলাই গৈ ডিমাপুৰত প্ৰবেশ কৰে। আটকাধীন ইছলামুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই বোকাজান আৰু খটখটি আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই আন দুটা চোৰক আটক কৰাৰ লগতে দুখন মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আটক কৰা চোৰ কেইটাৰ নাম মহম্মদ ইছলামুদ্দিন, মহম্মদ চাইদুল ইছলাম আৰু মহম্মদ আমিৰ হুছেইন।