ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাইজৰ তীব্ৰ বিৰোধিতা তথা সামাজিক মাধ্যমত চৰকাৰক তীক্ষ্ণ সমালোচনাৰ গা-লৰিল ৰজাঘৰৰ।গণেশগুৰি নৱ-নিৰ্মিত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা উৰণীয়া সেতুৰ পৰা আঁতৰাব লগা হ’ল গুৰু আসন।
অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি ১৯ মাহতে সম্পূণ কৰা নৱ- নিৰ্মিত ৪২৫.৫মিটাৰ দৈঘ্য উৰণীয়া হেতুখনৰ ৱালত অংকন কৰা হয় অসমীয়া জাতীয় জীৱনৰ বিভিন্ন কৃষ্টি-সংস্কৃতি তথা বিভিন্ন জাতি- জনগোষ্ঠীৰ সন্মানৰ প্ৰতীক।তাৰ ভিতৰত অসমীয়া স্বাভিমানৰ গুৰ আসন খনকো অংকন কৰিছিল উৰণীয়া সেতুখনৰ ৱালত।
গুৰু আসনখন অংকন কৰা কথা সামাজিক মাধ্যমৰ লগতে বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱা পাছতে গুৰু আসনখন মচি পেলোৱা দাবী তুলি বিভিন্ন জনে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰিছিল।ৰাইজৰ তীক্ষ্ণ সমালোচনা পাছতে উদ্বোধন কৰা পিছ মুহূৰ্ততে গুৰু আসনখন উৰণীয়া সেতু ৱালৰ পৰা মচিবলৈ বাধ্য হয় অসম চৰকাৰ।
ইফালে বৰ্তমানো উৰণীয়া সেতু খনৰ ৱালত অংকন কৰা আছে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী কৃষ্টি-সংস্কৃতি প্ৰতীকপদ তথা জাতীয় স্বাভিমানৰ কিছু চিহ্ন।বহুতে এইয়াই লৈও চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত আৰম্ভ কৰিছে বিতৰ্ক।
কাৰণ তেওঁলোকৰ দাবী অসমীয়া জাতি স্বাভিমানৰ এই সমূহ সম্পদ এইদৰে ব্যৱহাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।বহুতে এই সমূহ চিহ্ন ওপৰত ভৱিষ্যত দিনত তামোলৰ পি-থু আদি পেলাব।গতিকে এই সমূহ চিহ্ন মচি পেলাব লাগে বুলিও দাবী উত্থাপন হৈছে।
উল্লেখ কিছুদিনৰ পূৰ্বে গুৱাহাটী উলুবাৰীত সোণোৱাল চৰকাৰে স্থাপন কৰা বৈদ্যুতিক চালিত ইসমখান অসমীয়া সাহিত্য পণ্ডিত ডঃ বাণীকান্ত কাকতি নামেৰে নামাকৰণ কৰিও সমালোচনা সন্মুখীন হৈছিল।