ষ্টাফ ৰিপ’ৰ্টাৰ:
অতিশীঘ্ৰেই গুৱাহাটী মহানগৰী হ’ব একে ৰঙৰ; অৰ্থাৎ মহানগৰৰ প্ৰতিটো বাসগৃহ একেই ৰঙৰ হোৱাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজহুৱাকৈ জনায় এই কথা।
বৃহস্পতিবাৰে গণেশগুৰিত দ্বিতীয়খন উৰণীয়া সেঁতু মুকলি কৰা অনুষ্ঠানত মূখ্যমন্ত্ৰী সোণোৱালে কয় যে, ‘মোৰ এটা ইচ্ছা আছে, এই ক্ষেত্ৰত ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে মোক সহায় কৰিব লাগিব। গুৱাহাটী মহানগৰীৰ বাসগৃহ সমূহৰ ৰঙৰ ক্ষেত্ৰত এটা সিদ্ধান্ত ল’ব লাগে।
এই ক্ষেত্ৰত আগ ভাগ ল’ব লাগিব গুৱাহাটীৰ প্ৰতিঘৰ লোকে।লগতে তেওঁ কয় যে, “কিছুমান নগৰত এনে পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে নগৰখনৰ কথা মনত থাকি যায়। অসমলৈ আহিবলগীয়া পৰ্যটকৰ মনতো যাতে গুৱাহাটী মহানগৰী থাকি যাব পাৰে, তাৰ বাবে এটা বিশেষ কালাৰ কম্বিনেশ্যন নিৰ্ধাৰণ কৰিব লাগে।”













