
বৃহস্পতিবাৰে পুৱা ৩.৫৫ বজাত হঠাতে বিহাৰ (Bihar)ৰ এখন চিকিৎসালয়ত চিঞৰ-বাখৰ, আতংক আৰু দৌৰা-দৌৰিৰ সৃষ্টি হয়। বহুমহলীয়া চিকিৎসালয়খনৰ (Multstorey hospital) ষষ্ঠ মহলাৰ পৰা জুই (Fire)ৰ শিখা ওলাই থকা দেখিবলৈ পায় ৰোগীৰ আত্মীয় আৰু স্থানীয় লোকে। লগে লগে জুই বিয়পিবলৈ ধৰে। ক’লা ধোঁৱাৰে ভৰি পৰে চিকিৎসালয়খন। আত্মীয়-স্বজন আৰু স্থানীয় লোকে ৰোগীক বচাবলৈ চিকিৎসালয়ৰ ভিতৰত সোমাই পৰে। কিন্তু তেতিয়ালৈকে চিকিৎসালয়খনৰ ষষ্ঠ মহলাৰ বেছিভাগতে জুই বিয়পি পৰিছিল।
এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ষষ্ঠ মহলাত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে আই চি ইউত জুই (Fire in ICU) জ্বলি থকা দেখিছিল। ভিতৰত ১৫ জন ৰোগী আছিল। তেওঁলোকক উদ্ধাৰৰ বাবে আগবাঢ়ি আহে স্থানীয় লোক। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত কোনো চিকিৎসালয়ৰ কৰ্মচাৰী বা চিকিৎসকৰ সন্ধান পোৱা নগ’ল বুলি অভিযোগ উত্থাপন কৰিছে ৰোগীজনৰ আত্মীয়ই। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ৰোগীক এনে বিপজ্জনক পৰিস্থিতিৰ মাজত এৰি নিজক বচাবলৈ চিকিৎসালয়ৰ পৰা পলায়ন কৰে।

এজন যুৱকে কয় যে তেওঁৰ পিতৃক আই চি ইউত ভৰ্তি কৰা হৈছে। অগ্নিদগ্ধ হোৱাৰ ফলত তেওঁৰ মৃত্যু হয়। যুৱকজনে কান্দি কান্দি সংবাদ মাধ্যমৰ আগত দাবী কৰে যে সেই সময়ত কোনো চিকিৎসালয়ৰ কৰ্মচাৰী বিচাৰি পোৱা নগ’ল। আনকি চিকিৎসকো নাছিল।
অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, উদ্ধাৰ কামৰ বাবে চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়ত চিকিৎসালয়ৰ অধিকাংশ কৰ্মচাৰী পলাই গৈছিল। বিষয়াগৰাকীয়ে জনোৱা মতে, আই চি ইউ আৰু কাষৰ কোঠাটোৰ খিৰিকী ভাঙি ৰোগীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাত ২০ জনতকৈ অধিক ৰোগী আহত হয়। তেওঁলোকৰ অৱস্থা সংকটজনক।












