
চিকিৎসালয়ত ভৰ্তি হৈ থকা পিতৃক চাবলৈ চাৰ্টাৰ্ড একাউণ্টেণ্ট পুত্ৰ বিবেক আগৰৱালা হাৰিয়ানাৰ পৰা পৰিয়ালসহ দিল্লীলৈ গৈছিল। বিবেকৰ সৈতে তেওঁৰ পত্নী তৰ্জনী, দুগৰাকী কন্যা জীৱিশা, ভাৰিয়া আৰু আন চাৰিজন আত্মীয়ও আছিল। দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বিবেকৰ পিতৃ ৰাধেশ্যাম আগৰৱালা।
জানিব পৰা মতে, তেওঁলোক তিনি দিনমানৰ বাবে দিল্লীলৈ গৈছিল। চিকিৎসালয়লৈ যোৱাত যাতে কোনো অসুবিধা নহয় তাৰবাবে তেওঁলোকে ওচৰতে হোটেল এখন বুকিং কৰে। আটাইকেইজন মালবিয়া নগৰৰ এখন হোটেল (Delhi’s Malviya Nagar’s hotel)ত আছিল। তাৰে দুটা কোঠা ভাড়ালৈ লৈছিল। বুধবাৰে পুৱা বিবেক আৰু তেওঁৰ পৰিয়ালে সাৰ পাই উঠি হস্পিতাললৈ যাবলৈ সাজু হয়। যোৱাৰ পূৰ্বে হোটেলৰ ৰেষ্টুৰেণ্টলৈ গৈ ব্ৰেকফাষ্ট কৰে। তাত খাই থকাৰ সময়তে হোটেলখনত অগ্নিকাণ্ড (Fire in the hotel) সংঘটিত হয়। বিবেকৰ আত্মীয় দুজনমান হোটেলৰ কোঠাত আছিল। বিবেকৰ এজন আত্মীয়ই জনোৱা মতে, অগ্নিকাণ্ডৰ সময়ত বিবেক আৰু পৰিয়ালটো হোটেলখনৰ ভিতৰতে আবদ্ধ হৈ আছিল।

তাৰ পিছত দিল্লীত থকা এজন ভাতৃৰ সৈতে যোগাযোগ কৰি ঘটনাৰ বিষয়ে অৱগত কৰে। ফোনটো পোৱাৰ পিছত ভাতৃ আৰু তেওঁৰ পত্নী হোটেললৈ আহে। কিন্তু তেতিয়ালৈকে হোটেলখনৰ বেছিভাগ অংশই জুয়ে আগুৰি ধৰিছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে তাত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাইছিল। বিবেকৰ ভাতৃৰ পত্নী স্বাতীয়ে টাইমছ অব ইণ্ডিয়াক জনোৱা মতে, “হোটেল পোৱাৰ পিছত মই দেখিলোঁ যে বিবেকক উদ্ধাৰ কৰা হৈছে। কিন্তু তেওঁ অচেতন হৈ পৰিছিল। চিপিআৰ দিয়া হৈছিল। তেওঁক বচাব পৰা নাছিল।” বিবেকৰ পত্নী হোটেলৰ কোঠাত আছিল। তেওঁ সম্পূৰ্ণৰূপে জ্বলি গৈছিল। তেওঁৰ গহনাবোৰ চাই তেওঁক চিনাক্ত কৰা হ’ল। বিবেকৰ দুই কন্যাৰো মৃত্যু হয় এই অগ্নিকাণ্ডত। ডাঙৰ ছোৱালীজনীয়ে বেংগালুৰুত পঢ়ি আছিল। তেৱোঁ দিল্লীলৈ আহিছিল। এই ঘটনাত বিবেকৰ মামাক আৰু মামীয়েকৰো মৃত্যু হয়। তেওঁলোকো ৰাধেশ্যামক চাবলৈ দিল্লীলৈ আহিছিল।
বিবেকৰ এজন আত্মীয়ই কয় যে চিকিৎসকে ৰাধেশ্যাম আৰু বেছি দিন জীয়াই নাথাকিব বুলি কৈছিল। গতিকে গোটেই পৰিয়ালটো গুৰুগ্ৰামৰ পৰা দিল্লীলৈ আহি ৰাধেশ্যামৰ লগত সময় কটাবলৈ আহিছিল। কিন্তু অগ্নিকাণ্ডৰ ঘটনাই সকলোৰে প্ৰাণ কাঢ়ি নিলে। উল্লেখ্য যে বুধবাৰে পুৱা দিল্লীৰ এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। উক্ত ঘটনাত ২১ জন লোকৰ মৃত্যু (21 people died) হয়। নিহতসকলৰ ভিতৰত ১২ জন বিদেশী (12 foreigners dies) আৰু আগৰৱালা পৰিয়ালৰ আঠজন সদস্যৰ মৃত্যু হয়।












