![]()
নিউজ ডেক্স:
ভাৰতীয় জনতাৰ পাৰ্টী ৰাজ্যিক নেতৃত্বৰ তথা দলীয় সতীৰ্থৰ ক্ষমা বিচাৰি আকৌ বিজেপিলৈ উভটিল অভিনেতা যতীন বৰা।ক্ষমতাৰ লালসাত অসমবাসীয়ে কৰা বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ আন্দোলনক আৱেগত পৰিচালিত হোৱা আন্দোলন আখ্যা অভিনেতা গৰাকীৰ।অপব্যাখ্যাৰে বিপথে পৰিচালিত কৰা বাবে আৱেগৰ বশৱৰ্তী হৈ বিজেপি দলে ত্যাগ কৰিছিল বুলি অভিনেতা বৰাই কয়।
খ্ৰীষ্টানবস্তি বিলাসী হোটেল গেটৱে গ্ৰেণ্ডউত সংবাদমেল সম্বোধন কৰি অভিনেতা বৰাই বিজেপিলৈ পুনৰ উভতি অহা কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰাৰ পাছতে সাংবাদিকৰ প্ৰশ্ন মুখা-মুখী হোৱা ভয়ত সংবাদ মেল আধাতে সামৰি পলায়ন কৰে অভিনেতা গৰাকীয়ে।বাধ্যত পৰি বিজেপি ত্যাগ কৰা বুলি লগতে কয়।
কা’ আন্দোলন কৰি কোনোবা ৰাজ্যসভা সাংসদ হ’ল।একাংশ আহিবলগীয়া নিৰ্বাচনৰ প্ৰস্তুতিৰে বেলেগ বেলেগ ৰাজনৈতিক দল গঠন কৰাৰ কুছকাৱাজ কৰিছে।আচৰিত কথা আইএমডিটি আইন বাতিল হোৱাৰ পিছত পূৰ্ববংগ পৰা অহা বিদেশীক সুৰক্ষাৰ দিব বাবে জন্ম হোৱা এআইইউডিএফৰ লগ হৈ আঞ্চলিকতাবাদৰ পুৰোহিত ৰাজ্যসভা সাংসদ হ’ল।গতিকে নাটকখনত মোৰ দৰে বহু অসম প্ৰেমী ৰাইজ আৱেগিক হৈ বিভ্ৰান্ত হৈছে- বৰাই কয়।
গুৰুত্বপূৰ্ণ এই যে যোৱা বৰ্ষ ১২ডিচেম্বৰ লতাশিলৰ বৃহৎ গণ সমাৱেশৰ দিনটোতে বিজেপিৰ ত্যাগ কৰি অসমবাসীৰ ৰাইজৰ কাষলৈ ওলাই অহা বুলি বুকু ফুলাই ঘোষণা কৰিছিল বৰাই।












