
উচ্চ শিক্ষাগত অৰ্হতা থকা ব্যক্তিক এনে পদৰ বাবে নিৰ্বাচন কৰিব নোৱাৰিব, যিটো পদ স্পষ্টভাৱে নিম্ন অৰ্হতা থকা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court of India) এই ৰায় প্ৰদান কৰে।

উচ্চতম ন্যায়ালয়ে এইটোও পৰ্যবেক্ষণ কৰে যে যদি কোনোবাই চাকৰি পাবলৈ নিজৰ উচ্চ শিক্ষাৰ সবিশেষ লুকুৱাই ৰাখে, তেন্তে ই আন প্ৰকৃত যোগ্যতাসম্পন্ন (তুলনামূলকভাৱে কম যোগ্যতাসম্পন্ন) প্ৰাৰ্থীসকলক উচিত সুযোগৰ পৰা বঞ্চিত কৰে। এই সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ো উচ্চতম ন্যায়ালয়ে বাতিল কৰে।
বেংকত দশম শ্ৰেণীৰ শিক্ষাগত অৰ্হতাৰ বাবে সংৰক্ষিত পদৰ বাবে নিজৰ শিক্ষাগত অৰ্হতা গোপন ৰখা স্নাতক এজনৰ আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়দানত কয়, “এয়া অন্যায় আছিল আৰু বাছনি প্ৰক্ৰিয়াৰ নিৰপেক্ষতাক প্ৰভাৱিত কৰিছিল। কোনো প্ৰাৰ্থীয়ে উচ্চ শিক্ষাৰ অৰ্হতাৰ সুবিধা লাভ কৰি নিম্ন শিক্ষাগত অৰ্হতা থকা আবেদনকাৰীৰ বাবে বিশেষভাৱে সংৰক্ষিত চাকৰি লাভ কৰিব নোৱাৰে।” উচ্চতম ন্যায়ালয় কয় যে কিছুমান চাকৰি কম যোগ্য লোকৰ বাবে সংৰক্ষিত কৰা হয় যাতে তেওঁলোকে চৰকাৰী নিযুক্তিত সমান সুযোগ পায়।











