![]()
নিউজ ডেক্স:
আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ল আনল’ক-৩৷বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা৷সোমবাৰৰ পৰা মহানগৰীত পথৰ দুয়ো কাষৰ দোকান খুলিব পাৰিব ৷৫০ শতাংশ যাত্ৰীৰে চলিব চিটিবাছ৷চিটিবাচত মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব বাধ্যতামূলক৷
নিশা ৯ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ জাৰি থাকিব সান্ধ্য আইন।আন্ত:জিলা যাতায়তৰ ক্ষেত্ৰতো নাই কোনো বাধা৷ অৱশ্যে চিনেমা হল, পাৰ্ক, ৰাজহুৱা প্ৰেক্ষাগৃহ, ছুইমিং পুল, বাৰ আদি বন্ধ থাকিব।
অৱশ্যে এই শিথিলতা সোমবাৰৰ পৰা শুকুৰবাৰলৈহে প্ৰযোজ্য থাকিব ৷তদুপৰি পূৰ্বৰ দৰেই সপ্তাহৰ দুদিন অৰ্থাৎ শনিবাৰ আৰু দেওঁবাৰে হ’ব সাপ্তাহিক লকডাউন ৷












