![]()
নিউজ ডেস্কঃ
মহানগৰীত দেওবাৰৰ দিনটোত য’ত ক’ৰোণাত আক্ৰান্ত লোকৰ সংখ্যা কমিছে তাতেই আকৌ নিতৌ কেইবাগৰাকীকৈ ক’ৰোণা আক্ৰান্ত ৰোগীয়ে হেৰুৱাইছে নিজ প্ৰাণ। পুনৰ দেওবাৰৰ দিনটোত ৰাজ্যত ৭ গৰাকীকৈ লোকে হেৰুৱালে প্ৰাণ।
ক’ৰোনাত মৃত্যু হোৱা লোক কেইজন হৈছে ক্ৰমে শিৱসাগৰৰ মুহিবুদ্দিন আহমেদ (৬৩) , কাছাৰৰ আশুতোষ দে (৭২), বাক্সাৰ হালা ৰামচিয়াৰী (৪৯), দৰঙৰ দিলীপ ভাগৱতী (৫৩), ডিব্ৰুগড়ৰ প্ৰদীপ ৰাম সিং ৰাজুৱাৰ (৫৩) , ভূপেন্দ্ৰ গুপ্তা (৩২) আৰু কোকৰাঝাৰৰ তৰুন ব্ৰহ্ম (৫৫)। ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৯ জনলৈ পাইছে বৃদ্ধি।












