![]()
নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৯২৯গৰাকী। বিগত ২৪ ঘন্টাত ১৯২৯ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে দেওবাৰে ৰাজ্যত ২০৩৬৭টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ১৩১৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ২৩৩ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৬১ গৰাকী কাছাৰৰ আৰু ১৩৩ গৰাকী ডিব্ৰুগড়ৰ ৷ আক্ৰান্তৰ হাৰ ৬.৪৬শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৬৮,৭৫জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২১৪৬৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৫৫,২১৫ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৮৯ গৰাকীলৈ বৃদ্ধি পালে।
যোৱা ২৪ ঘন্টাত ২০হাজাৰ ৩৬৭টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ১৩১৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷












