ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গঁড় চিকাৰীৰ বিৰুদ্ধে সফলতাৰ উপহাৰ স্বৰূপে “অৰণ্যকে ” কাৰবি আংলং আৰক্ষীক প্ৰদান কৰিলে তিনিখন বাহন

ASSAM TIMES POST by ASSAM TIMES POST
August 16, 2020
Reading Time: 1 min read
A A
0
গঁড় চিকাৰীৰ বিৰুদ্ধে সফলতাৰ উপহাৰ স্বৰূপে “অৰণ্যকে ” কাৰবি আংলং আৰক্ষীক প্ৰদান কৰিলে তিনিখন বাহন

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : কাৰবি আংলঙৰ আৰক্ষীৰ বাবে ইটোৰ পিছত সিটো সুখবৰ! এইবাৰ গঁড় চিকাৰীৰ বিৰুদ্ধে সফল অভিযান চলাই শিৰোনামলৈ আহিছে এছপি দেৱজিৎ দেউৰীৰৰ নেতৃত্বত থকা কাৰবি আংলং আৰক্ষী ৷

কাজিৰঙাৰ বুকুত এশিঙিয়া গঁড়ৰ চোৰাং চিকাৰৰ নামত আপুৰুগীয়া জন্তুবিধ নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰি অহা বৃহৎ চোৰাং চিকাৰীৰ বিৰুদ্ধে শেহতীয়াকৈ এলানি সফল অভিযান চলাবলৈ সক্ষম হোৱা কাৰ্বি আংলং জিলা আৰক্ষীলৈ তিনিখনকৈ বাহন উপহাৰ হিচাপে আগবঢ়াইছে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰি অহা বে-চৰকাৰী সংস্থা আৰণ্যক-এ ।

WhatsApp Image 2020 08 16 at 6.36.19 PM 1 | ASSAM TIMES POST

সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া বিভৱ কুমাৰ তালুকদাৰ আৰু ইন্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেচনৰ প্ৰতিনিধি ৰাহুল দত্তই কালি ডিফুস্থিত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ এখন বলেৰ’ আৰু দুখন পালছাৰ মটৰ চাইকেল জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ হাতত অৰ্পণ কৰে ।

ইন্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেচনৰ অসমৰ প্ৰতিনিধি ৰাহুল দত্তই এই সন্দৰ্ভত ’ জানিবলৈ দিয়া অনুসৰি অলপতে কাজিৰঙাৰ অগৰাতলিত সংঘটিত হোৱা এক গঁড় হত্যাকাণ্ডৰ ঘটনাৰ আঁত ধৰি কাৰ্বি আংলং জিলা আৰক্ষীয়ে গঁড় চিকাৰীৰ বিৰুদ্ধে এক সফল অভিযান চলাবলৈ সক্ষম হৈছিল ।

গঁড় চিকাৰীৰ বিৰুদ্ধে অন্যতম সফল অভিযান হিচাপে পৰিগণিত হোৱা উক্ত অভিযানত জিলাখনৰ আৰক্ষীয়ে বিশাল অস্ত্ৰভাণ্ডাৰসহ কেইবাটাও দুৰ্ধৰ্ষ গঁড় চিকাৰীক জালত পেলাবলৈ সক্ষম হৈছিল। চুবুৰীয়া ৰাজ্য মণিপুৰতো আনকি জিলাখনৰ আৰক্ষীয়ে অভিযান চলাই চোৰাং চিকাৰী চক্ৰৰ মূল অপৰাধীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে, গঁড় চিকাৰীৰ সন্ধানত অন্য ৰাজ্যত অভিযান চলাই কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰা ৰাজ্যখনৰ এয়া প্ৰথমটো ঘটনা । আনহাতে, কাজিৰঙাত চোৰাং চিকাৰৰ বাবে প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ অপৰাধী চক্ৰই পাহাৰীয়া জিলাখনক অন্যতম কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে । তেনেস্থলত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত অধিক সুবিধা হোৱাৰ উদ্দেশ্যে স্বাধীনতা দিৱসৰ বিশেষ দিনটোত কাৰ্বি আংলং জিলা আৰক্ষীলৈ তিনিখন বাহন উপহাৰ হিচাপে আগবঢ়োৱা বুলি সংস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে।

সংস্থাটোৰ এনে পদক্ষেপে জিলাখনৰ আৰক্ষী বাহিনীকো উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। বাহনকেইখন আনুষ্ঠানিকভাৱে প্ৰদান কৰা উক্ত অনুষ্ঠানত কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে ।

Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
50
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court challenging the automatic disqualification of a MP or MLA:

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

June 5, 2026
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx