![]()
নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২৩১০ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২৩১০ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে শুকুৰবাৰৰ দিনা ৰাজ্যত ৪৯,৬০৩টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২,৭০৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ গুৱাহাটী মহানগৰীত ৭১৯জনৰ দেহত কোভিড-১৯ ধৰা পৰে শুকুৰবাৰে।ইয়াৰ পূৰ্বে ৫জুলাইত গুৱাহাটীত ৭৭৭গৰাকীৰ দেহত ধৰা পৰিছিল কোৰোনা।গুৱাহাটী মহানগৰীত ১৪আগষ্টত দ্বিতীয় সৰ্বাধিক লোকৰ দেহত কোভিড-১৯ ধৰা পৰিল।শুকুকৰবাৰৰ দিনা ডিব্ৰুগড় ২৬৪, কামৰূপ গ্ৰাম্যত ২৫৮,নগাঁৱত ১৪৫জন লোক সংক্ৰমিত হয় কোভিডত।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৪৫০১জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২২৬৩০ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ,৫,১৬৯৩ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৭৫১ গৰাকীলৈ বৃদ্ধি পালে।












