![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস ৰাজ্য চৰকাৰে গুৱাহাটী জৰ্জ খেল পথাৰত শনিবাৰে কেন্দ্ৰীয় ভাৱে উদযাপন কৰিব।সুদীৰ্ঘ ১২ বছৰৰ মূৰত ঐতিহাসিক জৰ্জ খেল পথাৰত উদযাপন কৰিব লগা স্বাধীনতা দিৱসৰ বাবে শনিবাৰ অৰ্থাৎ অহা কালিলৈ গুৱাহাটীত যান-বাহন চলাচল কৰাত প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা।যান-বাহন শাখা ডিচিপি মায়ং কুমাৰ ঝা’য়ে সংবাদমেলৰ জৰিয়তে যান-বাহন চলাচলৰ নিয়মসমূহ জনতাৰ বাবে জাৰি কৰিছে।
স্বাধীনতা দিৱসৰ উদযাপনস্থলী লৈ যাব লগা বাহনৰ বাবে ৰঙা, নীলা আৰু হালধীয়া প্ৰৱেশপত্ৰ ব্যৱস্থা কৰা বুলি সংবাদমেলত জানিব দিয়ে যান-বাহন শাখাৰ মুৰব্বী গৰাকীয়ে।
মহাত্মা গান্ধী পথত বানিজ্যিক বাহনৰ চলাচলত সম্পূৰ্ন বন্ধ থাকিব।জালুকবাৰী দিশৰ পৰা অহা বাহন ভৰলুৰ এপ’ল’পইন্টৰ পৰা এ টি ৰোড হৈ পাৰ হ’ব।একেদৰে চান্দমাৰী দিশৰ পৰা যোৱা বাহনসমুহ জিলা পুথিভঁৰাল হৈ পানবজাৰ উৰণীয়া সেতু হৈ এটি ৰোড হৈ চলাচল কৰিব।
আনহাতে জালুকবাৰী দিশৰ পৰা উজানবজাৰ, চান্দমাৰী অথবা জি এছ ৰোড হৈ যাব বিচৰা ব্যক্তিগত বাহনসমূহ চেৰাগেট পইন্টৰ পৰা কটন কলেজিয়েট পথ হৈ এইচ বি পথত ওলাব।তাৰ পিচত এইচ বি পথ হৈ কমিচনাৰ পইন্ট, এ আৰ বি পথেৰে জি এন বি পথৰ কালি মন্দিৰ পইন্টত ওলাব। তাৰ পৰা বাওঁ দিশে গতি কৰি আৰ বি আই পইন্ট আৰু এটি ৰোড লৈ গন্তব্য স্থানলৈ যাব পাৰিব।
চান্দমাৰী দিশৰ পৰা যোৱা বাহন সমুহ জিলা পুথিভঁৰাল পইন্ট হৈ জিএনবি পথেৰে গৈ এম এল এন পথেৰে হৈ ভৰলুমুখ পানী যোগান পইন্টেৰে এমজি ৰোডত ওলাব।
একেদৰে উজানবজাৰ-খাৰঘুলিৰ দিশৰ পৰা ভৰলুমুখ দিশে যাব লগা বাহনসমুহ প্লে’নেটেৰিয়াম পইন্টেৰে লেম্ব ৰোড হৈ জিএনবি পথত উঠিব তাৰ পৰা ভৰলুমুখ দিশৰ নিৰ্দেশনাত গতি কৰিব লাগিব।
জৰ্জ খেলপথাৰৰ আশে-পাশে ন’ পাৰ্কিং অঞ্চলসমূহ সংবাদমেলত জানিব দিয়ে ডিচিপি গৰাকীয়ে।সেই অনুসৰি জৰ্জ খেলপথাৰৰ পূব দিশে কেএলবি পথৰ এনচিবি হলৰ পৰা চীফ জাষ্টিচ পইন্টলৈ।
উত্তৰ দিশে এম জি ৰোড,চীফ জাষ্টিচ পইন্ট, ফুড ভিলালৈ।
নদীৰ দিশে ডিচি কোৰ্ট পইন্টৰ পৰা চীফ জাষ্টিচ পইন্টলৈ।এম জি পথৰ চীফ জাষ্টিচ পইন্টৰ পৰা প্লেনেটেৰিয়াম পইন্টলৈ।এইচ বি পথৰ কমিচনাৰ পইন্টৰ পৰা এন চি বি হ’ল পইন্টলৈ ন’ পাৰ্কিং জন হিচাপে থাকিব বিশেষ দিনটোত।
জনতাৰ সুবিধা বাবে পুৱাৰে পৰা আৰক্ষীৰ উপস্থিত থাকিব বিশেষ স্থান সমূহত।
পুলিচ ৰিজাৰ্ভত সম্বোধন কৰা সংবাদমেলত যান-বাহন শাখাৰ আয়ুক্ত গৰাকীয়ে কয়- স্বাধীনতা দিৱসৰ বাবে শনিবাৰে যান-বাহন চলাচলৰ অনুমতি দিয়া হৈছে।












