![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস প্ৰাক মূহুৰ্তত গুৱাহাটীৰ আৰক্ষীৰ বিশেষ সফলতা।ওদালগুৰিৰ তিনি ঠাইত অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মাৰানাস্ত্ৰ সমূহ।সমগ্ৰ অভিযানৰ নেতৃত্ব আছিল অভিযান শাখাৰ ডিচিপি ৰাজমোহন ৰায়।

উদ্ধাৰ হোৱা মাৰনাস্ত্ৰ সমূহৰ ভিতৰত আছে ৰাইফল দুটা এ.কে ৪৭, পাঁচটা এ.কে ৫৬,দুটা এম-১৬, এয়াৰ গান এটা, ৭টা ৯ এম. এম পিষ্টল, মেগজিন ( এ.কে/এল এম জি/ ইনছাএছ) ২৩টা, ৩৬ গ্ৰেনেড ৫টা, হেণ্ড বোমা ৫টা, ৪০ এম এম গ্ৰেনেড ৭টা।
ইয়াৰ উপৰিও গুলি উদ্ধাৰ হৈছে ৭.৬২ এম এমৰ ১৬৬ ৰাউণ্ড, ৩০৫ৰ ৩০০ ৰাউণ্ড, ৯ এম এমৰ ৭৯০ ৰাউণ্ড।
উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ ভিতৰত আছে ডিটেনেটৰ কেপ ২০০টা, ষ্টাইকাৰ স্প্ৰিং ২০টা আৰু ৰাসায়নিক বিস্ফোৰক ২০কেজি।
এই কথা গুৱাহাটী পুলিচ ৰিজাৰ্ভত এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।
গুৰুত্বপূৰ্ণ কথা এই যে সামগ্ৰী সমূহ এনডিএফবি বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।বিশেষ সূত্ৰ খবৰৰ ভিত্তিত সমগ্ৰ অভিযান চলাইছিল গুৱাহাটী আৰক্ষীয়ে।গুৱাহাটী আৰক্ষীৰ অভিযানত সহায় কৰিছিল ওদালগুৰি আৰক্ষীয়ে।
তাৎপৰ্য পূৰ্ণ কথা এই যে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আৰক্ষীৰ এইয়া এক বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছে।












