![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২১৭৪ গৰাকী। বিগত ২৪ ঘন্টাত ২১৭৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৬১ হাজাৰ ৩১৮ পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২৭৯৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪১৮জন কামৰূপ মেট্ৰ, ৩০৭জন কাছাৰ, ২৪৮জন কামৰূপ গ্ৰাম্য আৰু ২০৭জন ডিব্ৰুগড়ৰ। আক্ৰান্তৰ হাৰ ৪.৫৫ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭১,৭৯৫ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২২২৪০ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৪৯৩৮৩ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৬৯ গৰাকীলৈ বৃদ্ধি পালে।












