![]()
নিউজ ডেস্কঃ
ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিৰ ওপৰত অধ্যয়ন কৰি ৰাজ্য চৰকাৰে এলানি নতুন নিৰ্দেশনা জাৰি কৰিছে৷ অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক জাননীযোগে এই নিৰ্দেশনা জাৰি কৰিছে৷ অহা ১৬ৰ পৰা ৩১ আগষ্টলৈ বলৱৎ হ’বলগীয়া নতুন নিয়মসমূহ হৈছে :

১) জনসাধাৰণে নিত্যনৈমিত্তিক কামকাজসমূহ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৯ বজালৈ কৰিব পাৰিব। আনহাতে, নিশাৰ কাৰ্ফিউ বলৱৎ থাকিব নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈ৷
২) গুৱাহাটী মহানগৰীত অৱশ্যে পূৰ্বৰ দৰে পথৰ এটা ফালে দোকান-পোহাৰ খোলাৰ নিয়ম বাহাল থাকিব৷
৩) পূৰ্বৰ দৰে শনি আৰু দেওবাৰে সম্পূৰ্ণ লকডাউন থাকিব।
৪) আন্তঃজিলা যাতায়াত সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব।
৫) নিৰ্দিষ্ট নিয়ম মানি ৰাজহুৱা পৰিবহণ সেৱা মুকলি কৰা হ’ব৷ মহানগৰীত পুনৰ আৰম্ভ হ’ব চিটীবাছ সেৱা৷ এই ক্ষেত্ৰত পূৰ্বৰ দৰে ৫০ শতাংশ যাত্ৰী আৰু কোভিড প্ৰটকল মানি চলিব লাগিব।
৬) ব্যক্তিগত যান-বাহন চলাচলত অনুমতি দিয়া হৈছে যদিও সান্ধ্য আইনৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
৭) ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা, ধঁপাতজাতীয় দ্ৰব্য-সুৰা সেৱন সম্পূৰ্ণ নিষিদ্ধ।
৮) চিনেমা হল, ছুইমিং পুল, উদ্যান, থিয়েটাৰ হল, প্ৰেক্ষাগৃহ আদি বন্ধ থাকিব।
৯) ৬৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু ১০ বছৰৰ তলৰ ল’ৰা-ছোৱালীক বাহিৰলৈ ওলাই নহাৰ পৰামৰ্শ দিয়া হৈছে।
১০) সকলো স্থানতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। অন্যথা ১০০০ টকা জৰিমনা ভৰিব লাগিব।












