![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নৱপ্ৰজন্মৰ হাৰ্টথ শিল্পীৰ জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা।বুধবাৰে নিশা ৬ জনীয়া দুৰ্বৃত্তৰ দলে শিল্পী জুবিনক আক্ৰমণ লক্ষ্য কৰিছিল।
শিল্পী গৰাকীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰিছে এজাহৰ।এজাহৰ খনত শিল্পী গৰাকীয়ে উল্লেখ কৰিছে এইদৰে- বুধবাৰে ৰাতি ১২.৪০ বজাত জু-ৰোড তিনি আলি ৰেড এভি ষ্টুডি’অ পৰা কাহিলীপাৰ ঘৰলৈ গৈ থকা অৱস্থাত শিল্পী গৰাকীৰ বাহন গণেশগুৰি গণেশ মন্দিৰৰ সমীপৰ ব্লু-মোন লজৰ সমীপত শিল্পী গৰাকী বাহনখন আগভেটি ধৰে দুৰ্বৃত্তৰ দলটোৱে।
হাতত মদৰ বটল লৈ ৬ জনীয়া দুৰ্বৃত্তৰ দলে গাড়ী পৰা নামি আহি শিল্পী গৰাকীক অশ্ৰীল ভাষাৰে গালি-গালাজ কৰে।প্ৰথমে শিল্পী গৰাকীয়ে দুৰ্বৃত্তৰ দলটোক বুজাবলৈ চেষ্টা কৰিছিল যদিও উভতি শিল্পী গৰাকীলৈ চোছালয়।ঘটনা অতি ভয়াৱহ হৈ পৰাত শিল্পী গৰাকীৰ লগত থকা দুই দেহৰক্ষীৰ তৎপৰতাত নিৰাপদে ৰক্ষা পৰে শিল্পী গৰাকীৰ।
উল্লেখ দুৰ্বৃত্তৰ দলটোৱে মাৰুটি চিআইএ২ বগা ৰঙৰ এখন গাড়ী ব্যৱহাৰ কৰিছিল।গাড়ী খনৰ নম্বৰ হৈছে AS-01-BY 0675 ।
গুৰুত্বপূৰ্ণ কথা এই যে দিছপুৰ থানাত ঘটনাৰ পাছতে শিল্পী জুবিনে দাখিল কৰিছে এজাহৰ।আৰক্ষীয়ে দুৰ্বৃত্তক কেইজনক গ্ৰেপ্তাৰ কৰা বাবে তদন্তৰ অব্যাহত ৰাখিছে।আৰক্ষীয়ে প্ৰাথমিক তদন্তত এজাহৰত দাখিল কৰা বিশেষ বাহনখন চান্দমাৰি ফালৰ বুলি জানিব দিছে।
উল্লেখ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত কৃষিমন্ত্ৰী অতুল বৰাক সাক্ষাৎ কৰা শিল্পী গৰাকীক একাংশই সামাজিক মাধ্যমত বিভিন্ন সমালোচনাৰে সমালোচিত কৰিছিল৷
তাপৰ্যপূৰ্ণ কথা এই যে যোৱা বৰ্ষৰ কা’ আন্দোলনৰ সময়ত জুবিনে যেতিয়ালৈকে কা’ বাতিল নকৰিব তেতিয়ালৈকে চৰকাৰৰ কোনো কাৰ্যসূচীৰ সৈতে জড়িত নোহোৱা কথা বাৰে বাৰে ঘোষণা কৰিছিল।
যোৱাকালি মাজনিশা জুবিনক এইদৰে দূৰ্বৃত্তই আক্ৰমণৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ আনহাতে অসমৰ ৰাইজৰ হাৰ্টবীট জুবিনৰ ওপৰত চলোৱা আক্ৰমণ কাৰ্যক সৰ্বত্ৰে ধিক্কাৰ দিছে ৷












