![]()
নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২১৩৬গৰাকী। বিগত ২৪ ঘন্টাত ২১৩৬ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে বুধবাৰে ৰাজ্যত সৰ্বাধিক পৰীক্ষণৰ নতুন অভিলেখ সৃষ্টিৰে ১,৪৩,১০৯টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ৪৫৯৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৬৪২জন কামৰূপ মেট্ৰ, ৪৬০জন কামৰূপ গ্ৰাম্য, ৩৩৫জন নগাওঁ, ২৬৫জন ডিব্ৰুগড়ৰ। আক্ৰান্তৰ হাৰ ৩.২০ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৮,৯৯৯জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২১৬২৬ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৪৭,২০৯ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৬১ গৰাকীলৈ বৃদ্ধি পালে।












