![]()
নিউজ ডেক্স:
অসম বিধানসভাৰ বিত্ত বাজেটৰ অষ্টাদশ উন্নয়নৰ মুকুতা মালাৰ অধীনত ২ অক্টোবৰ(গান্ধীজয়ন্তী) দিনটো পৰা ৰাজ্যত কাৰ্যকৰি হ’ব অৰুনোদয় আঁচনি।ৰাজ্য ১৭ লাখ নিম্ন মধ্যবিত্ত-দৰিদ্ৰ পৰিয়াল অন্ত ভুক্তি হ’ব আঁচনিত- ঘোষণা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।
“মোৰ ৰাজনীতি জীৱনত একক অনন্য আৰু সৰ্ববৃহৎ উক্ত আঁচনি খন বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়- নিম্ন মধ্যবিত্ত-দৰিদ্ৰ শ্ৰেণীৰ অৰ্থনৈতিক উত্থান আৰম্ভ হ’ব এই আঁচনিৰ জৰিয়তে।
জনতা ভৱনত আজি সংবাদমেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয়- দুই অক্টোবৰত কাৰ্যকৰি হ’ব লগা আঁচনি খনৰ বাবে হিতাধিকাৰী নিৰ্বাচিত প্ৰক্ৰিয়া ১৭আগষ্ট পৰা প্ৰত্যেক জিলাত আৰম্ভ হ’ব।হিতাধিকাৰী নিৰ্বাচিত কৰা বাবে জিলা পৰ্যায়ত গঠন হ’ব কমিটি।আগন্তক পাঁচ বছৰৰ বাবে আঁচনি অনুসৰি ৮৩০টকাকৈ লাভ কৰিব হিতাধিকাৰী সকলে। গুৰুত্বপূৰ্ণ কথা এই যে বিহু-পূজা আদি কৰি কোনো কোনো মাহত ইয়াৰ পৰিমাণ সামান্য বৃদ্ধিও হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।
আঁচনি বাবে হিতাধিকাৰী নিৰ্বাচন সমষ্টিৰ ভোটাৰ সংখ্যা ওপৰত ভিত্তি কৰি হ’ব বুলি উল্লেখ কৰি তেওঁ কয় -দুই লাখৰ কম ভোটাৰ থকা সমষ্টিত ১৫হাজাৰ, দুই লাখৰ অধিক ভোটাৰ থকা সমষ্টিত ১৭ হাজাৰ হিতাধিকাৰী আঁচনিত অন্তৰ্ভুক্ত হ’ব।অৰ্থাৎ প্ৰতি সমষ্টিত এক তৃতীয়াংশ পৰিয়ালে লাভ কৰিব আঁচনি সুবিধা।
আঁচনিৰ বাবে ২১০ কোটি টকা প্ৰতি মাহত ব্যয় হব চৰকাৰৰ।
আঁচনিৰ বাবে হিতাধিকাৰী হ’ব লাগিব মহিলা।মহিলা গৰাকীৰ বেংক একাউণ্টত জমা হ’ব টকা।পৰিয়ালটো অন্য সদস্য সকলে মহিলা গৰাকীক নিৰ্বাচিত কৰি দিব- মন্ত্ৰী শৰ্মাই লগতে কয়।












