![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৪৮৭গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৪৮৭ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে মঙ্গলাৰে অসমত ৫২০৬২টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২৬৬৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩৯৯ গৰাকী ৰোগী কামৰূপ(ম), ২৫৯ গৰাকী ডিব্ৰুগড়ৰ, ১৮৯গৰাকী কাৰ্বি আংলঙৰ আৰু ১৮১গৰাকী তিনিচুকীয়াৰ। আক্ৰান্তৰ হাৰ ৫.১২ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৪৪০৬ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৯১৭৫ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৪৫,০৭৩ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৫৫ গৰাকীলৈ বৃদ্ধি পালে












