![]()
নিউজ ডেক্স:
পুনৰ ক’ৰোনামুক্ত হৈছে ১২৬১ গৰাকী। বিগত ২৪ ঘন্টাত ১২৬১ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে সোমবাৰে অসমত ৬০৪২৫টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২৯০০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ কামৰূপ মেট্ৰৰ ৩৮২ গৰাকী, কামৰূপ গ্ৰামৰ পৰা ২৯২ গৰাকী, নগাওঁৰ পৰা ২০০ গৰাকী, ডিব্ৰুগড়ৰ পৰা মুঠ ২৫০ গৰাকী । আক্ৰান্তৰ হাৰ ৪.৭৯ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬১৭৩৭ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৭৯৯৭ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৪৩৫৮৬ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৫১ গৰাকীলৈ বৃদ্ধি পালে।












