![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটী আমবাৰীত বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুত্বভাৱে আহত হোৱা মখলেশ আলিৰ মৃত্যু।পুৰাতত্ব বিভাগৰ কাৰ্যলয়ত চকীদাৰ হিচাপে কৰ্মৰত আছিল ৫৪বছৰীয়া মৃত আলি।
উল্লেখ যে মৃত আলিক শনিবাৰে পুৱাই আক্ৰমণ কৰিছিল বনৰীয়া গাহৰিয়ে।গুৰুত্ব ভাৱে আহত আলি গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত আইচিইউত চিকিৎসাধীন হৈ আছিল।দেওবাৰে ৰাতি ১০.৩০ বজাত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে যোৱা শনিবাৰে পুৱাই বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হৈছিল মুঠ ৪জন।












