![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ১৭৩৪ ক’ৰোনামুক্ত হৈছে ১৭৩৪ গৰাকী ব্যক্তি।বিগত ২৪ ঘন্টাত ১৭৩৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে দেওবাৰ দিনটোত অসমত ২৪৪৯২টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ১১২৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ২৪০ গৰাকী ৰোগী কামৰূপ(ম) আৰু ১২১গৰাকী যোৰহাটৰ ৷ আক্ৰান্তৰ হাৰ ৪.৫৮ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৮৮৩৭ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৬৩৬৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৪২,৩২৫ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৪৫ গৰাকীলৈ বৃদ্ধি পালে












