![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমীয়া ভাষা সংস্কৃতিৰ সাধক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে বিতৰ্কিত মন্তৱ্য প্ৰকাশ কৰা হোজাই সমষ্টিৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ দাবীত গুৱাহাটীত প্ৰতিবাদ।
সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাপ্তাহিক লকডাউনৰ মাজতে আজি দীঘলীপুখুৰীৰ সন্মুখত বিধায়ক গৰাকীক গ্ৰেপ্তাৰ দাবীৰে সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।হাতে-হাতে প্লেকাৰ্ড লৈ সামাজিক দূৰত্ব মানি সংগঠনটোৱে সাৱ্যস্ত কৰে প্ৰতিবাদ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুৰ আহমেদে কয়- “বাংলাদেশৰ পৰা খেদা খাই আহি বিধায়ক হোৱা শিলাদিত্য দেৱে অসমৰ সাতমপুৰুষীয়া একতা এনাজৰী ডাল সাম্প্ৰদায়িক মন্তব্যৰে বিনষ্ট কৰিবলৈ বিভিন্ন সময়ত চেষ্টা চলাই আহিছে।অসমীয়া ভাষা- সংস্কৃতিৰ সাধক চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে অপমান সূচক মন্তৱ্য কৰিবলৈ তেওঁ সাহস কত পালে”।
শিলাদিত্যই প্ৰথমে নিজৰ পৰিচয় ভালদৰে চিনি লওঁক।অসমৰ ইতিহাস, সাহিত্য-সংস্কৃতিৰ সম্পৰ্কে জ্ঞান অৰ্জন কৰক।খিলঞ্জীয়া অসমীয়া বিৰুদ্ধে এনেধৰণৰ মন্তৱ্য কৰা আগতে দহ বাৰ চিন্তা কৰক- আহমেদে কয়।
চৰকাৰে যদি শিলাদিত্যক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে অসমবাসীয়ে ধৰি-বান্ধি বাংলাদেশত থৈ আহিব বুলিও সভাপতি গৰাকীয়ে।সমগ্ৰ ৰাজ্যজুৰি শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবীত সংগঠনটোৱে গোচৰ ৰুজু কৰা বুলিও লগতে কয়।
উল্লেখ হোজাই বিতর্কিত বিজেপি বিধায়ক গৰাকীয়ে ছৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি বিৰূপ মন্তৱ্য প্ৰকাশ কৰিছিল।
“শিলাদিত্যই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে গতিকে তেওঁক তেজপুৰৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰক নহয় গ্ৰেপ্তাৰ কৰক চৰকাৰে বুলিও সংগঠনটোৱে উল্লেখ কৰে।












