![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা ভাইৰাচ সন্ত্ৰাসৰ মাজতে অহা ১৫ আগষ্টত দেশত পালন কৰা ৭৪সংখ্যক স্বাধীনতা দিৱস।সমগ্ৰ দেশৰ লগতে অসমতো কভিড-১৯ বাধ্যবাধকতা মাজেৰে অনুষ্ঠিত হ’ব স্বাধীনতা দিৱস।অন্য বৰ্ষৰ দৰে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত এইবাৰো কেন্দ্ৰীয় ভাৱে উদযাপন কৰিব স্বাধীনতা দিৱস।
ঐতিহাসিক জৰ্জ খেল পথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ভাৱে পালন কৰিব লোৱা স্বাধীনতা দিৱস আয়োজন যুদ্ধকালিন তৎপৰতাৰে চলিছে।উল্লেখ পূৰ্বে অনুষ্ঠিত কৰা খানাপাৰা ফিল্ডত এইবাৰ কভিড কেয়াৰ চেণ্টাৰ নিৰ্মান কৰা বাবে জৰ্জ ফিল্ড ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ভাৱে উত্তোলন কৰিব দেশৰ জাতীয় পতাকা।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি জৰ্জ খেলপথাৰ নিৰ্ধাৰণ কৰা হৈছে স্বাধীনতা দিৱস আয়োজনৰ বাবে। মাজত আৰু চাৰিটা দিন বাকী থকা অৱস্থাত প্ৰস্তুতি প্ৰায় ৫০% সম্পূৰ্ন হৈ উঠিছে।গুৰুত্বপূৰ্ণ কথা এই যে সামাজিক দূৰত্ব মানি পালন হ’ব ৭৪সংখ্যক স্বাধীনতা দিৱস।পূৰ্ব দৰে নাথাকিব সাংস্কৃতিক কোনো কাৰ্যসূচী।বাতিল কৰা হৈছে ছাত্ৰ- ছাত্ৰীৰ সকলো অনুষ্ঠান।
তাপৰ্যপূৰ্ণ কথা হৈছে পূৰ্ব দৰে জনসমাগম নহব এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত।প্ৰায় ২০০ লোকৰ বাবে নিৰ্মান কৰা হৈছে জৰ্জ ফিল্ডৰ পেণ্ডেল।কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতা চলি আছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি।
উল্লেখ যে বহু বছৰৰ পিছত জৰ্জ ফিল্ডত অনুষ্ঠিত হ’ব স্বাধীনতা দিৱস।ৰাজ্য মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব জৰ্জ ফিল্ডৰ পতাকা।












