![]()
নিউজ ডেক্স:
অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কুৰুৱাত প্ৰতিৱেশীয়ে নৃশংসভাৱে হত্যা কৰিলে এজন লোকক৷ ইয়াৰ ফলতে পুনৰ সত্যতাত প্ৰতিপন্ন কৰিলে যে একবিংশ শতিকাতো আঁতৰা নাই অন্ধবিশ্বাস–কুংস্কাৰ। অন্ধ বিশ্বাসৰ বাবেই উত্তৰ গুৱাহাটীৰ সমীপৱৰ্তী কুৰুৱাত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড।
ঔষধ পুতি প্ৰতিৱেশীৰ অমংগল সাধন কৰাৰ সন্দেহত বিপুল দাস নামৰ লোক এজনে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে কেশৱ দাস নামৰ প্ৰতিৱেশী এজনক। পথাৰৰ পৰা হাল বাই ঘৰমুৱা হোৱা কেশৱ দাসক পথৰ দাঁতিতে দাৰে উপৰ্যুপৰি ঘপিয়াই বিপুল দাসে। বিপুল দাসে সপৰিয়ালে আহি কেশৱ দাস আৰু তেওঁৰ পত্নীকো গুৰুতৰভাৱে আহত কৰে।
আক্ৰমণত গুৰুতৰভাৱে আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে মৃত্যুক সাবটি লয়। এই হত্যাকাণ্ডৰ পিছতে ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল। হত্যাকাৰী বিপুল দাসৰ ঘৰ ভাঙি ক্ষোভ উজাৰে ৰাইজে। হত্যাকাৰী বিপুলক কৰায়ত্ত কৰি ৰাইজে চমজালে আৰক্ষীক।
জানিব পৰা মতে বিপুল দাসৰ ঘৰলৈ দৈনিক অহা–যোৱা কৰিছিল এজন বেজ। বেজৰ পৰামৰ্শত ওভতগোৰে নাচিছিল বিপুল দাসে আৰু শনিবাৰে সংঘটিত কৰে এই ভয়ংকৰ ঘটনা। এই হত্যাকাণ্ডৰ পিছতে কুৰুৱাত আৰক্ষী–প্ৰশাসনৰ সহযোগত বহে ৰাইজমেল। ৰাইজে দোষীৰ শাস্তিৰ লগতে নিহতৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী কৰে৷












