
মুম্বাইৰ মালাদ অঞ্চল (Malad area of Mumbai)ত আধ্যাত্মিক কাৰ্যৰ (Spiritual work) নামত দীৰ্ঘদিন ধৰি চলি থকা কেলেংকাৰিৰ পৰ্দা আঁতৰালে (scandal is removed) ডিন্দোশী আৰক্ষীয়ে (Dindoshi police)। অলৌকিক শক্তি থকা বুলি দাবী কৰা ৰিদ্দাম পাঞ্চল ওৰফে ‘মণ্টী বাবা’ক (Monty Babu) গ্ৰেপ্তাৰ (Arrested) কৰা হৈছে। ৩৭ বছৰীয়া এইজন ব্যক্তি প্ৰথমে জিম ট্ৰেইনাৰ আছিল যদিও ৰাতিটোৰ ভিতৰতে নিজৰ মন সলনি কৰি স্বঘোষিত ‘গডমেন’ হৈ পৰে। যদিও বিগত চাৰি বছৰ ধৰি এই কাম কৰি আহিছিল, অৱশেষত ৬০ জনতকৈ অধিক লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁক ৰঙাঘৰলৈ প্ৰেৰণ কৰে।
তদন্তত অতি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মণ্টীয়ে প্ৰতি বৃহস্পতিবাৰ আৰু শনিবাৰে নিশা ৮ বজাৰ পৰা পিছদিনা পুৱা ৭ বজালৈ মালাড ইষ্টৰ এক খালী ঠাইত দৰবাৰ পাতিছিল। তাত তেওঁ দাবী কৰিছিল যে দেৱী তেওঁৰ ওপৰত আছে আৰু তেওঁ যিকোনো জটিল সমস্যা সমাধান কৰিব পাৰে। সন্তান জন্ম দিয়াৰ প্ৰতিশ্ৰুতি দি সন্তানহীন নাৰীক নিজৰ ফান্দত পেলাইছিল। আনকি তেওঁ জৰা-ফুকা বা ভূত-প্ৰেত নিৰ্বাসনৰ অজুহাতত কৰা কামবোৰ দেখি তদন্তকাৰীসকলো স্তম্ভিত হৈ পৰে।

মুখত জ্বলি থকা চিগাৰেট লৈ ‘আঘোৰী’ তান্ত্ৰিকৰ ৰূপ লৈ তেওঁ সাধাৰণ মানুহক বিপথে পৰিচালিত কৰে। মণ্টী বাবাৰ সেৱাৰ তালিকাত কেৱল টকা-পইচাই নাছিল, তেওঁৰ দাবীবোৰ আৰু অদ্ভুত আছিল। আশীৰ্বাদ বা নিৰাময়ৰ বিনিময়ত তেওঁ ভক্তৰ পৰা দামী সুৰা, চিগাৰেট, জীয়া কুকুৰা আৰু ছাগলীৰ কলিজা দাবী কৰিছিল। আধ্যাত্মিকতাৰ নামত এনে ভোগ-বিলাসৰ দাবী দেখি স্থানীয় ৰাইজে প্ৰথমে তেওঁক সন্দেহ কৰে। ইফালে যদি কোনোবাই তেওঁৰ অদ্ভুত ৰীতি-নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছিল বা ধন দিবলৈ অস্বীকাৰ কৰিছিল, তেন্তে গুণ্ডা পঠিয়াই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল এই ভুৱা বাবাৰ বিৰুদ্ধে।
কেইবাজনো ভুক্তভোগীয়ে অধিবক্তা সিদ্ধাৰ্থ শৰ্মাৰ ওচৰলৈ গৈ নিজৰ দুৰ্দশাৰ বৰ্ণনা কৰাৰ পিছত এই ঘটনা পোহৰলৈ আহে । মাজনিশা পোহৰলৈ আহে তান্ত্ৰিক ৰীতি-নীতিৰ নামত যৌন শোষণ আৰু আৰ্থিক প্ৰৱঞ্চনাৰ ভয়ংকৰ কাহিনী। আইনী ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে অধিকসংখ্যক লোকে অভিযোগ দাখিল কৰিবলৈ আগবাঢ়ি আহে। আৰক্ষীৰ তদন্তত দেখা গ’ল যে মণ্টী আচলতে কেৱল এজন জিমৰ প্ৰশিক্ষক আছিল আৰু তেওঁৰ কোনো আধ্যাত্মিক ভেটি নাছিল। মদ্যপান কৰি থকা অৱস্থাত তেওঁ আচলতে দেৱীৰ অভিনয় কৰি সমাজৰ দুৰ্বল আৰু অসহায় মানুহক শোষণ কৰি আছিল।
সম্প্ৰতি মণ্টী বাবাৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ অন্ধবিশ্বাস বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ধৃত ব্যক্তিজনক আদালতত হাজিৰ কৰা হ’ব। আধ্যাত্মিকতাৰ আঁৰত লুকাই থকা এনে অপৰাধীৰ পৰা সাৱধান হ’বলৈ প্ৰশাসনে সাধাৰণ ৰাইজক পৰামৰ্শ দিছে।












