![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৭৮২গৰাকী ব্যক্তি।বিগত ২৪ ঘন্টাত ১৭৮২ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে শনিবাৰে অসমত ৫৪৮৪৫টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২২১৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ কামৰূপ মেট্ৰৰ ২৯৯ গৰাকী, কাছাৰৰ পৰা ১৬৫ গৰাকী, নগাওঁৰ পৰা ১৫০ গৰাকী, ডিব্ৰুগড়ৰ পৰা মুঠ ১৪২ গৰাকী। আক্ৰান্তৰ হাৰ ৪.০৪ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৭৭১৪জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৬৯৮০ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৪০,৫৯১ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৪০ গৰাকীলৈ বৃদ্ধি পালে।













