![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
কা’ বাতিল নকৰালৈ চৰকাৰৰ কোনো দায়িত্ব গ্ৰহণ নকৰা কথা কোৱা শিল্পী গৰাকীয়ে ব্ৰেণ্ড এম্বেছাদৰ দায়িত্ব লব নে!
কৃষিমন্ত্ৰী অতুল বৰা দিছপুৰৰ চৰকাৰী আৱসত নৱ প্ৰজন্মৰ হাৰ্টথ শিল্পী জুবিন গাৰ্গ।মন্ত্ৰীৰ বৰা সৈতে পথাৰ আমাৰ, বজাৰ আমাৰ কাৰ্যসূচীৰ সন্দৰ্ভত আলোচনা শিল্পী জুবিনৰ।মন্ত্ৰী বৰাই শিল্পীগৰাকীক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰো প্ৰস্তাৱ আগবঢ়াই।বৰাৰ প্ৰস্তাৱত শিল্পী গৰাকীয়ে সহমত প্ৰকাশ কৰা বুলি শনিবাৰে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে।
নৱ প্ৰজন্মৰ হাৰ্টথ জুবিনে বৃন্দাবন ছুপাৰ মাৰ্ট খোলাৰ বাবে প্ৰস্তাৱ লৈ মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিছিল।এই সন্দৰ্ভত কৃষিমন্ত্ৰী গৰাকীয়ে কয় -”বৃন্দাবন ছুপাৰ মাৰ্ট খোলাৰ বাবে জুবিনে লৈ অহা প্ৰস্তাৱ আমাৰ ভাল লাগিছে।তেওঁ সমগ্ৰ পৰিকল্পনা সৈতে কথা পতা হৈছে। বৰ্তমান সময়ত ৰাজ্য অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পৰিছে।যুৱক যুৱতী সকলক কিদৰে স্বাৱলম্বী কৰিব পৰা যায় তাৰ বাবে সদায় প্ৰচেষ্টা চলাই থকা হৈছে”।
আনহাতে জনপ্ৰিয় শিল্পীগৰাকীক কৃষি আৰু ইয়াৰ লগত জড়িত ক্ষেত্ৰখনৰ ব্ৰেণ্ড এম্বেছাদৰ নিয়োগ কৰা বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে আলোচনা মৰ্মে প্ৰস্তাৱ প্ৰদান কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মন্ত্ৰী বৰাই।
মন্ত্ৰীৰ প্ৰস্তাৱক সমৰ্থন কৰি শিল্পী গৰাকীয়ে কয়- “ভাল হ’ব, কৰিব লগা কাম বহুত আছে। ব্ৰেণ্ডিং কৰিলে আমি কামবোৰ নিজেই কৰিব পাৰিম”।
শিল্পী গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী অতুল বৰাক ধন্যবাদ জনায় তেওঁলোকৰ উদ্দেশ্যে প্ৰতি সমৰ্থন জনোৱা বাবে।বহু কথা আমি নাজানো, নজনা কথাবোৰ কৰা বাবে সহায় বিচাৰি আহিছো।অকলে কামবোৰ কৰা সম্ভৱ নহয় গতিকে সহায় বিচাৰিছোঁ-জুবিনে লগতে কয়।উল্লেখ্য যে, বৃন্দাবন ছুপাৰ মাৰ্টৰ বাবে শিল্পী জুবিনৰ সৈতে উপস্থিত আছিল পত্নী গৰিমা শইকীয়া গাৰ্গ।
তাপৰ্যপূৰ্ণ কথা এই যে যোৱা বৰ্ষৰ কা’ আন্দোলনৰ সময়ত জুবিনে যেতিয়ালৈকে কা’ বাতিল নকৰিব তেতিয়ালৈকে চৰকাৰৰ কোনো কাৰ্যসূচীৰ সৈতে জড়িত নোহোৱা কথা বাৰে বাৰে ঘোষণা কৰিছিল।সেই অনুসৰি বৰ্তমানো কা’ বাতিল হোৱা নাই।ৰাজ্যৰ কৃষি বিভাগে আগবঢ়োৱা ব্ৰেণ্ড এম্বেছাদৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নাই সেয়াই হ’ব ডাঙৰ লক্ষণীয় কথা।












