![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোণা আক্ৰান্তত মৃত্যু হয় ৬ গৰাকী ব্যক্তিৰ। ব্যক্তি কেইগৰাকী আছিল ক্ৰমে ধুবুৰীৰ প্ৰৱন কুমাৰ আগৰৱালা (৫৭) ; কোকৰাঝাৰৰ সীতা দেৱী (৫৬)’ডিব্ৰুগড়ৰ ৰেণু গগৈ (৬০)’ কাছাৰৰ সমৰ দেৱ (৬১) ‘নগাঁৱৰ আব্দুল গফুৰ (৬৮) আৰু কামৰূপ(ম)ৰ নীলমণি চক্ৰৱৰ্তী (৬৯)
ইয়াকে লৈ ৰাজ্যত ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ১৩২গৰাকীলৈ বৃদ্ধি পালে।টুইট যোগে এই কথা জনোৱাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।












