![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটী চান্দমাৰী নিয়া’ বিশেষ আদালতে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন আৱেদন নাকচ কৰিলে।চান্দমাৰী থানা ১৩/১৯ নম্বৰৰ নিয়া’ গোচৰৰ জামিনৰ আৱেদন আজি নাকচ কৰে আদালতে।উল্লেখ যে বিগত ৮ মাহ ধৰি উক্ত গোচৰত কাৰাৰুদ্ধ হৈ আছে কৃষক নেতা গৰাকী।
নিয়া আদালতৰ শুনানি প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত গগৈৰ পক্ষ অধিবক্তাই পুনৰ জামিনৰ আৱেদন জনাব বুলিও জানিব দিয়ে।
গুৰুত্বপূৰ্ণ কথা এই চান্দমাৰী থানা উক্ত গোচৰত গগৈয়ে পূৰ্বে জামিন লাভ কৰিছিল।কিন্তু উক্ত জামিন স্থগিত ৰখা বাবে নিয়া’ অধিবক্তাই গুৱাহাটীৰ উচ্চ ন্যায়ালয় দ্বাৰাস্ত হৈছিল।ফলত উচ্চ ন্যায়ালয়ে জামিন স্থগিত ৰাখিছিল।পৰৱৰ্তী সময়ত ক’ৰনা ভাইৰাছৰ বাবে উক্ত স্থগিতাদেশৰ শুনানি গ্ৰহণ কৰিব পৰা নাই ন্যায়ালয়ে।তিনি জনীয়া বিচাৰপীঠত চলিব গগৈৰ উক্ত বিচাৰ।যদি উক্ত বিচাৰত গগৈ পক্ষত ন্যায়ালয়ে ৰায় প্ৰদান কৰে তেন্তে পূৰ্বৰ জামিনতে কৃষক নেতা গৰাকীয়ে মুকলি হোৱা সম্ভাৱনা আছে- অধিবক্তা কৃষ্ণ গগৈয়ে এই কথা জানিব দিয়ে।
আনহাতে চাবোৱা থানা নিয়া’লৈ হস্তান্তৰ কৰা গোচৰৰো আজি গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত শুনানি চলি আছে।চাবোৱা থানা নিয়া’ লৈ হস্তান্তৰ কৰা গোচটোত অখিলৰ সৈতে অন্য তিনিজনৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰা হৈছিল।তেওঁলোক হৈছে ভূপেন গগৈ, ভাস্কৰজ্যোতি ফুকন আৰু জগজিৎ গোহাঁই।চাবোৱা থানাৰ অ’চি দাঁত ভঙা অভিযোগত উক্ত গোচৰ।
তাপৰ্যপূৰ্ণ কথা এই গগৈৰ বিৰুদ্ধে সমগ্ৰ অসমত মুঠ ১৩টা গোচৰ আছিল তাৰে ১১টা গোচৰত ইতিমধ্যে লাভ কৰিছে জামিন।












