![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৩৩২ গৰাকী লোক। বিগত ২৪ ঘন্টাত ১৩৩২ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে বৃহস্পতিবাৰে অসমত ৫৫৬৭১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২৩৭২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪৭০জন কামৰূপ মেট্ৰ, ১৯৭জন নগাঁও, ১৬৩জন কাছাৰ, ১২৮জন ডিব্ৰুগড়, ১২২জন তিনিচুকীয়া আৰু ১০৪জন যোৰহাটৰ।আক্ৰান্তৰ হাৰ ৪.২৫ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫২৮১৭ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৫৪৬৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৩৭২২৪ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১২৬ গৰাকীলৈ বৃদ্ধি পালে।












