![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ৯৯৩ গৰাকী। বিগত ২৪ ঘন্টাত ৯৯৩ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।আনহাতে মঙ্গলবাৰে অসমত ৫৯হাজাৰ ৬৪টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ২৮৮৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
এয়া এদিনত এতিয়ালৈকে কৰা সৰ্বাধিক পৰীক্ষা ৷আক্ৰান্ত হোৱাৰ ভিতৰত ৫৫০ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২০১ গৰাকী ডিব্ৰুগড়ৰ, ২১৩গৰাকী নগাঁৱৰ আৰু ২৯৪গৰাকী কামৰূপৰ ৷ আক্ৰান্তৰ হাৰ ৪.৮৬শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৮১৬১ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৪৬১৫ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৩৩৪২৮ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১১৫ গৰাকীলৈ বৃদ্ধি পালে।












