![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১০৪৪ গৰাকী।সোমবাৰে ১০৪৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে সোমবাৰে ৰাজ্যত ২৩৭১ জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।ইয়াৰে ৪১৪জন কামৰূপ মেট্ৰ’ৰ, ২৮২জন ডিব্ৰুগড়, ২৫১জন নগাঁও আৰু ১৯২জন কামৰূপ গ্ৰাম্যৰ।উল্লেখ্য যে,ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৫,২৭৫জনলৈ বৃদ্ধি পালে।
ৰাজ্যত সম্প্ৰতি ১১৭৩৫ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৩৩৪২৮ গৰাকী লোক।আনহাতে, ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৯গৰাকীলৈ বৃদ্ধি পালে।












