নিউজ ডেস্কঃ
মাৰাত্মক ক’ৰোণা মহামাৰীয়ে মাধমাৰ সোধোৱাৰ পিছতেই এইবাৰ ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ ঘটনা। Shadi.Com যোগে এগৰাকী যুৱতীক নিজ প্ৰেমৰ জালত পেলাই লুটিলে ৭৫ হাজাৰ টকা।
ধৰ্মেশ্বৰ ৰয় নামৰ ধৃত প্ৰৱঞ্চকে ভুৱা পৰিচয়ৰে যুৱতীসকলক নিজ প্ৰেমৰ জালত পেলায় আৰু টকা লুটি নিয়ে। শেহতীয়াকৈ ৭৫ হাজাৰ টকা লোৱা যুৱতী গৰাকীৰ আগত নিজৰ নাম জিতু ফুকন আৰু স্বাস্থ্য বিভাগৰ সঞ্চালক বুলি উল্লেখ কৰিছিল প্ৰতাৰক ধৰ্মেশ্বৰে।
ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত দেওবাৰে জালুকবাৰী আৰক্ষীয়ে লাচিত নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে এইজন প্ৰৱঞ্চকক। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকটোক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷ জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।