![]()
নিউজ ডেস্কঃ
বিশ্বজুৰি প্ৰায় ১৫৫টা ক’ৰোনাৰ প্রতিষেধকক লৈ গৱেষণা চলিছে। ইয়াৰ ভিতৰত ২৩টা কার্যকৰী প্রতিষেধকৰ হিউমেন ট্রায়েল চলিছে। এই ২৩টা কার্যকৰী প্রতিষেধকৰ ভিতৰত তিনিটাৰ চূড়ান্ত পর্যায়ৰ হিউমেন ট্রায়েল চলিছে। কিন্তু কেতিয়া লাভ কৰিব কৰোনাৰ প্রতিষেধক? ইঙ্গিত পোৱা গ’ল বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ ভাষ্যত।
হুৰ জৰুৰী স্বাস্থ্য কর্মসূচীৰ কাৰ্যবাহী সঞ্চালক ডঃ মাইকেল রায়ানে কয়, ক’ৰোনাৰ প্রতিষেধকক লৈ গৱেষণাৰ কাম দ্রুতগতিত আগবাঢ়িছে। বহু কেইটা কৰোনাৰ প্রতিষেধকৰ শেষ পর্যায়ৰ ট্রায়েলো চলিছে। কিন্তু ২০২১ চনৰ পূৰ্বো কোনো প্রতিষেধক পোৱাৰ আশা কৰা উচিত নহয়।
ডঃ মাইকেল রায়ানে আৰু কয়, সকলোৱেই যাতে ক’ৰোনাৰ প্রতিষেধক লাভ কৰে, তাক নিশ্চিত কৰাৰ চেষ্টা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।
লগতে ভাইৰাছ নিয়ন্ত্রণলৈ অনাৰ বাবেও গৱেষণা কৰিছে হুৰ সৈতে যুক্ত বিশেষজ্ঞ দলে। ডঃ রায়ানে জনায়, বিশ্বজুৰি কৰোনাৰ প্রতিষেধকৰ উৎপাদন বৃদ্ধিৰ বাবে উদ্যোগী হৈছে বিশ্ব স্বাস্থ্য সংস্থা। ধনী-দৰিদ্র নির্বিশেষে সকলোৰে ওচৰত প্রতিষেধক উপলব্ধ কৰোৱাই হুৰ প্রধান লক্ষ্য। তোওঁ কয়, বহু কেইটা প্রতিষেধকৰ শেষ পর্যায়ৰ (ফেজ-৩) ট্রায়েল চলিছে।
প্রায় সকলো কেইটাই এতিয়া সাফল্যৰ দিশেই আগবাঢ়িছে। সকলো কেইটা প্রতিষেধকেই কৰোনাৰ বিৰুদ্ধে সুৰক্ষা দিছে আৰু শৰীৰত ভাইৰাছৰ বিৰুদ্ধে প্রতিৰোধ ক্ষমতা সৃষ্টি কৰাত সফল হৈছে। কিন্তু ততসত্ত্বেও প্রতিষেধক হাতত পাবলৈ আৰু কিছু সময় লাগিবই।










